ৰাহুল গান্ধীলৈ ব্ৰিটিছ নাগৰিকত্বৰ সন্দৰ্ভত জাননী জাৰি গৃহ মন্ত্ৰালয়ৰ

ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব সন্দৰ্ভত দিয়া গোচৰৰ ওপৰত গৃহ মন্ত্ৰালয়ে জাননী জাৰি কৰিছে গৃহ মন্ত্ৰালয়ে। ১৫ দিন সময় সীমা দিছে গৃহ মন্ত্ৰালয়ে। ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ নেতা সুব্ৰমান্যম স্বামীয়ে অভিযোগ কৰিছে যে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীৰ তথ্যত বিদেশী নাগৰিক হিচাপে লিখিত আছে।
দেশত ৭ টা পৰ্যায়ত অনুষ্ঠিত হৈ থকা লোকসভা নিৰ্বাচনৰ মাজ ভাগতে গৃহ মন্ত্ৰালয়ে ৰাহুল গান্ধীলৈ বিদেশী নাগৰিকত্ব থকাৰ ওপৰত জাননী জাৰি কৰিছে । ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ আমেথি আৰু কেৰেলাৰ ৱায়ানাড়ৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়াইছে ।
গৃহ মন্ত্ৰালয়ৰ ডিৰেক্টৰ বি চি জুচী য়ে প্ৰকাশ কৰে যে সুব্যমন্যাম স্বামীৰ পৰা মন্ত্ৰালয়ে ব্ৰিটিছ নাগৰিকত্ব ৰ তথ্য লাভ কৰিছে । ২০০৩ চনত আমেৰিকাৰ বেক'পচ লিমিটেড নামৰ কোম্পানীৰ এটাত উল্লেখ আছে বুলি প্ৰকাশ কৰে । কোম্পানীটোৰ ঠিকনা উইনষ্টিটাৰ ৫১ নং চাউথ গেট ষ্ট্ৰিট, হাম্পশ্ৰী SO23 9EH । ৰাহুল গান্ধী এই কোম্পানীটোৰ এজন পৰিচালক আৰু সভাপতি বুলি প্ৰকাশ কৰে ।
মন্ত্ৰালয়ে আবেদন খনৰ ওপৰত কয় ৰাহুল গান্ধীৰ জন্ম ১৯৭০ চনৰ ১৯ জুনত । আৰু ২০০৫ চনৰ ১০ অক্টোবৰ আৰু ২০০৬ চনৰ ৩১ অক্টোবৰৰ কোম্পানীটোৰ তথ্যত ৰাহুল গান্ধীৰ ব্ৰিটিছ নাগৰিকত্ব থকা কথা প্ৰকাশ পাইছে।
লগতে পত্ৰ খনত প্ৰকাশ কৰা হৈছে যে ২০০৯ চনৰ ১৭ ফেব্ৰুৱাৰীৰ শেষৰ পত্ৰ খনতো ৰাহুল গান্ধী ব্ৰিটিছ নাগৰিকত্ব উল্লেখ আছে ।গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাত ৰাহুল গান্ধীক এই সন্দৰ্ভত তথ্য উপস্থাপন কৰিবলৈ কোৱা হৈছে । ১৫ দিনৰ ভিতৰত উত্তৰ দিব লাগিব ৰাহুল গান্ধীয়ে । সুব্যমন্যাম স্বামীয়ে পত্ৰত ৰাহুল গান্ধী বিদেশী নাগৰিক হোৱাৰ দাবী কৰিছে ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি