চীনৰ মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত বাধা: প্ৰধানমন্ত্ৰী মোদীক সমালোচনা ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বৃহস্পতি বাৰে প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে । দুৰ্বল প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙক ভয় কৰে বুলি টুইটাৰ যোগে এই মন্তব্য কৰে । ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰিবলৈ বাধা দিয়ে চীনে । চতুৰ্থ বাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মজিয়া চীনে পাকিস্তানৰ পক্ষ লৈ সন্ত্ৰাসবাদী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ পৰা ৰক্ষা কৰে । পুলোৱামা আক্ৰমণৰ ৰ পাছত আমেৰিকা, বৃটেইনত আৰু ফ্ৰান্সে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰিবলৈ ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত প্ৰস্তাৱ দিছিল । কিন্তু চীনে এই প্ৰস্তাৱ সন্মতি নিদিলে।
চীনৰ এই পদক্ষেপৰ পাছত আজি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দুৰ্বল বুলি প্ৰকাশ কৰে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙক ভয় কৰে সেয়েহে মোদীয়ে সন্ত্ৰাসবাদী মাছুদ আজহাৰক শান্তি দিবলৈ সক্ষম নহয় ।
কংগ্ৰেছেৰ সভাপতি ৰাহুল গান্ধীয়ে টুইটাৰ যোগে এই মন্তব্য কৰাৰ পাছত বহু জনে ৰাহুল গান্ধীৰ টুইটক লৈ সমালোচনা কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে এখন দেশৰ বৈদেশিক নীতি টুইটাৰৰ যোগেদি নিৰ্নয় নহয় । লগতে তেওঁ কয় যে যেতিয়া চীনৰ স্থিতিক দেশে নিৰাশাজনক আখ্যা দিছে, তেনে সময়ত ৰাহুল গান্ধীয়ে দেশৰ অবস্থাত উৎযাপন কৰিছে ।
চীন ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত অন্তভূক্ত নহল হয় যদি সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে সন্মতি নিদিলে হয়। কংগ্ৰেছৰ ভুলৰ বাবে আজি ভাৰতে ভূগিব লগা হৈছে । কিন্তু বৰ্তমান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে যুঁজ দি যাব বুলি প্ৰকাশ কৰে । লগতে বিজেপিয়ে কয় যে কংগ্ৰেছে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি কৰি আহিছে ।
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি