Begin typing your search above and press return to search.

ৰীমা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান: Someone to watch বঁটা প্ৰদান অসম কন্যাক

ৰীমা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান: Someone to watch বঁটা প্ৰদান অসম কন্যাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 March 2019 6:57 AM GMT

অসমলৈ আন এক সুখ্যাতি কঢ়িয়াই আনিছে অসম কন্যা ৰীমা দাসে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰবাৰ উজলি উঠিল ৰীমা দাস। ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ‘Someone to Watch’ বঁটা লাভ কৰিছে অসমৰ ছবি নিৰ্মাতা-পৰিচালিকা ৰীমা দাসে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতনামা ভাৰতীয় ছবি নিৰ্মাতালৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।

উল্লেখযোগ্য যে অসমীয়া ছবিক অস্কাৰৰ দুৱাৰদলিলৈ লৈ যাবলৈ সক্ষম হোৱা ৰীমা দাসে তেওঁৰ ভিলেজ ৰকষ্টাৰ্ছ আৰু বুলবুল কেন ছিং নামৰ ছবি দুখনেৰে এইপৰ্যন্ত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ক্লিভলেণ্ড আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত তেওঁৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ আৰু ‘বুলবুল কেন ছিং’ ছবি দুখন প্ৰদৰ্শন কৰা হ’ব।

মুম্বাইৰ কোম্পানী Flying River Films য়ে ৰীমা দাসেক সমৰ্থন কৰি আহিছে । ২০১৭ চনত ৰীমা দাসৰ ছবি 'ভিলেছ ৰকষ্টাৰ্ছ' টৰন্ত আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হৈছিল আৰু কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । লগতে ৰীমা দাসৰ ছবি 'বুলবল কেন চিং' য়ে মুম্বাই ফিল্ম ফেষ্টিভেলত ইণ্ডিয়া গল্ড সন্মান লাভ কৰিছিল|

Next Story
চাকৰি