Begin typing your search above and press return to search.

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যত পালন শিল্পী দিৱস

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যত পালন শিল্পী দিৱস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jan 2019 11:56 AM GMT

আজি অসমৰ এগৰাকী মহান গীতিকাৰ,নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস উপলক্ষে সমগ্ৰ অসমত পালন কৰিছে "শিল্পী দিৱস" । শিল্পী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ লগতে ঠায়ে ঠায়ে আয়োজন কৰি বিভিন্ন অনুষ্ঠান ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন বৰঙনিৰ যোগেদি অসমৰ সংস্কৃতিক বৰঘৰ চহকী কৰা মহান মনীষীসকলৰ ভিতৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম ৷ অসমীয়া ভাষা সাহিত্যৰ কবিতা,নাটক,প্ৰৱন্ধ, সমালোচনা,শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙনি আগবঢ়াই অসম খনৰ সংস্কৃতিৰ ভৰাঁল চহকী কৰি থৈ গৈছে ৷ অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অনবৈদ্য অৱদানৰ কাৰণে জ্যোতি প্ৰসাদ আগৰৱালাক "ৰূপকোঁৱৰ" বুলি কোৱা হয় ৷

জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড়ৰ তামোলপুৰ চাহ বাগিছাত ৷ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ আছিল কিৰণময়ী আগৰৱালা ৷ ইফালে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিসকলৰ এজন চন্দ্ৰকুমাৰ আগৰৱালা আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ সম্বন্ধত খুড়া ৷ সৰুৰে পৰা মেধাবী ছাত্ৰ জ্যোতি প্ৰসাদ আগৰৱালাই অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰাৰ পিছত ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিকুলেচনত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কলিকতাৰ নেশ্যনেল কলেজৰ পৰা আই.এ দ্বিতীয় বৰ্ষৰ পঢ়া শেষ কৰে ।১৯২৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালা অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিন বাৰ্গলৈ যায় যদিও ১৯৩০ চনত পঢ়া শেষ নকৰাকৈ উভতি আহে। কিন্তু এডিন বাৰ্গৰ পৰা ঘূৰি অহাৰ পিছত জাৰ্মানীত জ্যোতিপ্ৰসাদ আগৰৱালাই সাত মাহৰ কাৰনে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।

অন্যহাতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ৷ আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিছিল আগৰৱালাই ৷ উল্লেখ্য যে,শিলচৰত কাৰাবাসত থকাৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা টাইফয়েড ৰোগত আক্ৰান্ত হৈছিল৷উল্লেখযোগ্য যে,১৯৩৩ চনৰ শেষৰ ফালে জ্যোতিপ্ৰসাদ আগৰৱালাই ভোলাগুৰি চাহবাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি "জয়মতী" চিত্ৰগ্ৰহণ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত জয়মতী ছবিখন মুক্তি লাভ কৰে ১৯৩৫ চনত। ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া ছবি "ইন্দ্ৰমালতী" নিৰ্মাণ কৰে জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ইয়াৰ মাজতে ১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালা বিবাহ পাশত আৱদ্ধ হয় ৷ জ্যোতি প্ৰসাদ আগৰৱালাই অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ ভিতৰত গল্প হৈছে ৰূপহী,বগীতৰা, সোণতৰা,সোণটিৰ অভিযান,যুঁজাৰু, সতীৰ সোঁৱৰণি,সন্ধ্যা, শিলাকুটি,নীলা চৰাই আদি ৷

নাটক হৈছে শোণিত কুৱঁৰী,কাৰেঙৰ লিগিৰী, লভিতা,ৰূপালীম, নিমাতী কইনা, সোণ পখিলী, খনিকৰ, কনকলতা, সুন্দৰ কোঁৱৰ ৷ লুইতৰ পাৰৰ অগ্নিসুৰ,জ্যোতি ৰামায়ন কবিতা পুথি ৷ উপন্যাস হৈছে আমাৰ গাঁও ,অন্যান্য গ্ৰন্থ নাম হৈছে জ্যোতিধাৰা,চন্দ্ৰকুমাৰ আগৰৱালা, Background of Assamese Architecture৷ শিশু সাহিত্য "কম্পূৰ সপোন" ৷উল্লেখ্য যে,অসমীয়া চলচ্চিত্ৰৰ জনক জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল ৷ সেই গীত সমূহক "জ্যোতি সংগীত" বুলি কোৱা হয় ৷উল্লেখ্য যে, অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অনবৈদ্য অৱদানৰ কাৰনে ২০০৪ চনত ১৭ জুনত ভাৰত চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক পাঁচটকীয়া এটা ডাকটিকটৰ মুকলি কৰে।

গতিকে অসমীয়া ভাষা সংস্কৃতিৰ ভৰাঁল চহকী কৰা তথা অসমীয়া চলচ্চিত্ৰৰ পথ প্ৰদৰ্শক ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৱালাৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি পালন কৰা "শিল্পী দিৱস"ত ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি