কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা গোটে এগৰাকী বিবাহিত মহিলাক যৌন-উৎপীড়ন চলোৱা বুলি কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও আৰক্ষী চকীত গোচৰ হোৱাত আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত মন্ত্ৰী জনৰ প্ৰতিকৃতি দাহ কৰে।সংগঠনটোৰ শতাধিক কৰ্মীয়ে ৰাজেন গোঁহাইক অতি সোনকালে মন্ত্ৰীত্বৰ পৰা অপসাৰনৰ দাবীত এই প্ৰতিকৃতি দাহ কাৰ্য্যসুচীত ৰূপায়ন কৰে।ইয়াৰ আগতে নগাঁও জিলা অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজেন গোঁহাইক মন্ত্ৰীত্বৰ পৰা অপসাৰনৰ দাবীত প্ৰতিকৃতি দাহ কাৰ্য্যসুচীৰ আয়োজন কৰিছিল।
Begin typing your search above and press return to search.