ৰেলৱে ষ্টেচন সমূহত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাৰ অভাব

কামাখ্যা-ডেকাৰগাওঁ ৰেলগাড়ী খনত অলপতে হৈ যোৱা আই ই ডি বিস্ফোৰণৰ পিছত ৰেল যাত্ৰী সকলৰ সুৰক্ষাক লৈ সৰ্বত্ৰে প্ৰশ্নৰ সৃষ্টি হৈছে।অলপতে ওদালগুৰি জিলাৰ হৰিশিঙা ৰেলৱে ষ্টেচনৰ সমীপত ১৫৮১৫ নম্বৰযুক্ত কামাখ্যা-ডেকাৰগাওঁ যাত্ৰীবাহী ৰেলগাড়ী খনত এটা আই ই ডি বিস্ফোৰণ হৈছিল,কিন্তু এই ঘটনাৰ পিছতো ৰেলৱে সুৰক্ষা বাহিনী গভীৰ টোপনিৰ পৰা সাৰ পোৱা নাই। কামাখ্যা-ডেকাৰগাওঁ সংযোগী পথছোৱাত কামাখ্যা আৰু ৰঙিয়াৰ পাছতে টংলা,ৰঙাপাৰা অত্যন্ত ব্যস্ত ৰেলৱে ষ্টেচন।দৈনিক হাজাৰ হাজাৰ যাত্ৰীয়ে এই ৰেল ষ্টেচন দুটাৰ পৰা অহা-যোৱা কৰে। এই ব্যস্ত ৰেলৱে ষ্টেচন দুটাৰ সুৰক্ষা ব্যৱস্থাক আৰু অধিক পয়ালগা কৰি ৰেল ষ্টেচনলৈ যাব পৰা একাধিক পথ খোলা আছে। টংলা ৰেলৱে ষ্টেচনৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ চি চি টিভি কেমেৰাৰ ব্যৱস্থা নাই,অত্যাধুনিক মেটেল ডিটেকটৰৰো কোনো ব্যৱস্থা ৰেল ষ্টেচনটোত নাই।
টংলা ৰেলৱে ষ্টেচনৰ প্ৰতিনিধিৰ ফালৰ পাৰ জনোৱা অনুসৰি প্ৰতিদিনে টংলা ৰেলৱে ষ্টেচনৰ মাজেৰে ১৪ খন ৰেলগাড়ী প্ৰায় ৫০০০ৰ পৰা ৭০০০ যাত্ৰী সহিতে চলাচল কৰে। টংলাৰ ঘটনাটোৰ তদন্তৰ দায়িত্বত থকা গুৱাহাটী ৰেলৱে আৰক্ষীৰ বিষয়া হাচানুৰ জামান আহমেদে কয় যে ইতিমধ্যে টংলা ষ্টেচনত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবে চি চি টিভি আৰু প্ৰয়োজনীয় সামগ্ৰী স্থাপনৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হৈছে। আই ই ডি বিস্ফোৰণে ৰেল যাত্ৰী সকলৰ সুৰক্ষা ব্যৱস্থাত যে সুৰুঙা আছে সেই কথা প্ৰমান কৰা বুলি স্থানীয় নাগৰিক এজনে মন্তব্য প্ৰকাশ কৰে। ৰেল বিভাগে প্ৰতিবছৰে ৰেল যাত্ৰীসকলৰ পৰা বহু পৰিমাণে ৰাজহ সংগ্ৰহ কৰিলেও যাত্ৰী সকলৰ সুৰক্ষাৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থা লোৱা নাই বুলিও স্থানীয় ৰাইজে কয়।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি