Begin typing your search above and press return to search.

ৰেল যাত্ৰা তথা সুৰক্ষা মসৃণ কৰিবলৈ ৰেল বিভাগৰ পুস্তিকা মুকলি

ৰেল যাত্ৰা তথা সুৰক্ষা মসৃণ কৰিবলৈ ৰেল বিভাগৰ পুস্তিকা মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 7:53 AM GMT

এনএফ ৰেল সেৱাৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে চলিত বৰ্ষৰ ৬ মে’ত মালীগাঁও মুখ্য কাৰ্যালয়ত ৰেল সুৰক্ষা নিৰীক্ষণ নীতি নিৰ্দেশনাৰ এখন পুস্তিকা প্ৰকাশ কৰে ৷ এনএফ ৰেল সুৰক্ষা বিভাগৰ নিৰ্দেশনাত সুৰক্ষা বিষয়া প্ৰদীপ কুমাৰ হীৰা তত্ত্বাৱধানত এই পুস্তিকাখন তৈয়াৰ কৰে । ইফালে পুস্তিকাখন মুকলি কৰাৰ পিছত ৰেল সুৰক্ষাৰ ওপৰত এক ভিডিঅ’ কনফাৰেন্স আয়োজন কৰা হয়।

এই কনফাৰেন্সখনত অতিৰিক্ত মহাপ্ৰবন্ধক ৰাধে ৰমন, প্ৰধান মুখ্য সুৰক্ষা অধিকাৰী এম কে আগৰৱাল,এনএফআৰ ৰেল বিভাগৰ মুখ্য কাৰ্যালয়ৰ বিষয়াসকল,কাটিহাৰ,আলিপুৰদ্বাৰ,ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া সকলো ৰেল বিভাগৰ মহাপ্ৰৱন্ধক আৰু সুৰক্ষা অধিকাৰী উপস্থিত আছিল ৷মহাপ্ৰৱন্ধক সঞ্জীৱ ৰায়ে সন্মিলনখনৰ সময়ত ৰেল প্ৰৱন্ধক, অন্য অধাকাৰী আৰু কৰ্মচাৰীসকলক সুৰক্ষা উপায়ৰ লগত সমন্ধিত বিভিন্ন বহুমূলীয়া পৰামৰ্শ দিয়ে ৷ এক সংবাদ বিজ্ঞপ্তিৰ যোগে ৰেল বিভাগে প্ৰকাশ কৰে ৰেলত সুগম যাত্ৰাৰ কাৰণে উচ্চ স্তৰীয় ৰেল সুৰক্ষা বিষয়ত চৰ্চা কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি