Begin typing your search above and press return to search.

ৰৌতাৰ কালিবাড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰৌতাৰ কালিবাড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Nov 2018 8:44 AM GMT

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত কালিবাড়ীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । ৰৌতাৰ কালিবাড়ীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী মহেন্দ্ৰ পিকআপ ভানে এজন বাইক আৰোহীক মহটীয়াই নিয়াৰ ফলত বাইক আৰোহীজন থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এ এছ-০১-বি চি-০৮৯০ নম্বৰৰ এখন মালবাহী পিকআপ ভানে এ এছ -১২-এফ-৬৬৫০ নম্বৰৰ বাইক আৰোহীজনক তীব্ৰ বেগেৰে খুন্দা মাৰি প্ৰায় ৫০০ মিটাৰ চুচুৰাই নিয়ে । জানিব পৰা মতে নিহত ব্যক্তিজন ৰৌতাৰ বজ্ৰাঝাৰ গাঁৱৰ টুবিয়েচ এক্কাৰ পুত্ৰ তাৰচিউচ এক্কা বুলি জানিব পৰা গৈছে ।

প্ৰায় ৪৫ বছৰীয়া নিহত তাৰচিউচ এক্কা জলসিঞ্চন বিভাগৰ এজন কৰ্মচাৰী বুলি তথ্য় পোৱা গৈছে । দুৰ্ঘটনাটো সংঘটিত কৰিয়ে মহেন্দ্ৰ পিকআপ ভানখন ঘটনা স্থলীতে এৰি থৈ চালকজন পলায়ন কৰে । পিছত ৰৌতা থানাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ নিহত হোৱা ব্যক্তিজনক ১০৮ মৃত্যুঞ্জয়েৰে ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাত পতিত হোৱা দুয়োখন গাড়ী থানালৈ লৈ যায় ।

Next Story