অক্ষয় কুমাৰ আৰু বিদ্যা বালানৰ অভিনীত ভুলভুলেইয়াঁ ছবিৰ পুনৰ নিৰ্মাৰ্ণঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

অক্ষয় কুমাৰ আৰু বিদ্যা বালানৰ অভিনীত ভুলভুলেইয়াঁ ছবিৰ পুনৰ নিৰ্মাৰ্ণঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

অভিনেতা অক্ষয় কুমাৰ আৰু অভিনেত্ৰী বিদ্যাবালানৰ অভিনীত ছবি ভূলভূলেইয়াঁৰ পুনৰ নিৰ্মাৰ্ণ প্ৰস্তুতি কৰি থকা হৈছে ৷ ২০১৭ চনত মুক্তি প্ৰাপ্ত ছবি তথা প্ৰিয়দৰ্শনৰ নিৰ্দেশনাত নিৰ্মিত ছবি ভূলভূলেইয়াঁৰ ৰিমেকৰ খবৰে বিশেষ ভাৱে উৎসুকতা প্ৰদান কৰিছে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰিমেক কৰা ভূলভূলইয়াঁ ছবিৰ নিৰ্দেশনা কৰিব ফৰহাদ চমজিয়ে ৷ এক বিশেষ সূত্ৰ অনুসৰি পৰিচালক ভূষণেো ভুলভুলেইয়াঁ ছবিখনত ফাৰহাদ চমজিৰ লগত কাম কৰিব ৷ আজি কিছুদিনৰ পূৰ্বতে টী চিৰিজৰ দ্বাৰা ভুলভুলেইয়াঁ টু নামেৰে ছবিখনৰ নাম ওলোৱাৰ খবৰ আহিছিল ৷

ভুলভুলেইয়াঁ ছবিখন তামিল ব্লক ব্লাষ্টাৰ হিট ছবি চন্দ্ৰমুখীৰ আধাৰত নিৰ্মিত ৷ চন্দ্ৰমুখীত অভিনয় কৰিছিল দক্ষিণৰ অভিনেতা ৰজনীকান্তে ৷১৯৯৩ চনত মুক্তি প্ৰাপ্ত মালায়লম ছবি মণিচিত্ৰাথু আধাৰত নিৰ্মিত ৷ছবিখনত অভিনয় কৰিছিল মোহনলাল আৰু শোভনাই ৷ভুলভুলেইয়াঁ ছবিখনত আমেৰিকাৰ নিবাসী সিদ্ধাৰ্থ চতুৰ্বেদী আৰু অৱনীৰ ওপৰত নিৰ্মিত ৷ ছবিখনত সিদ্ধাৰ্থ চতুৰ্বেদীৰ চৰিত্ৰত অভিনয় কৰিছে চাইনী আহুজা আৰু বিদ্যা বালানে অভিনয় কৰিছে অবনীৰ চৰিত্ৰত ৷ ছবিখনত সিদ্ধাৰ্থ আৰু অৱনী পতি পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷

সিদ্ধাৰ্থ আৰু অৱনীযে পিতৃৰ পুৰনি বাসগৃহত উপস্থিত হয় তেতিয়াৰ পৰা গতি পৰিৱৰ্তন হয় ছবিখনৰ ৷কাৰণ ছবিখন সিদ্ধাৰ্থ আৰু অৱনীৰ পৰিয়ালে বাস কৰা বাসগৃহটোত লাহে লাহে ভৌতিক কিছুমান ঘটনাৰ সংঘটিত হ’বলৈ ধৰে ৷ ইয়াৰ পিছতেই এই সকলো ঘটনাৰ অধ্যয়ন কৰে ছবিখনৰ এটি প্ৰধান চৰিত্ৰ আদিত্য অৰ্থাৎ অক্ষয় কুমাৰে ৷ ছবিখনত অক্ষয় কুমাৰ,চাইনী আহুজা,বিদ্যা বালানৰ উপৰিও অমিষা পেটেল,পৰেশ ৰাৱল আৰু ৰাজপাল যাদৱে অভিনয় কৰিছিল ৷ নিৰ্দেশক ফৰহাদে সম্প্ৰতি অক্ষয় কুমাৰৰ হাওচফুল ২ ত কাম কৰি আছে ৷ ইয়াৰ উপৰিও তেওঁ বৰুণ ধাৱন আৰু সাৰা আলী খানৰ অভিনীত ৰিমেক ছবি কুলী নাম্বাৰ ১ৰ কামত ব্যস্ত হৈ আছে ৷

বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ এইকেইদিন নাগৰিকতা সন্দৰ্ভত চৰ্চাত আছে ৷ জনসাধাৰণে বলীউডৰ অভিনেতাজনক যথেষ্ট ট্ৰ’ল কৰে কানাডিয়ান নাগৰিকতা প্ৰসংগত ৷ কিন্তু বলীউডৰ অভিনেতা অক্ষয় কুমাৰে এই সকলোবোৰ কথাক হেয় প্ৰতিপন্ন কৰি উৰিষ্যাৰ ফেনীত প্ৰভাৱিত লোকসকলৰ কাৰণে এক বিশেষ পদক্ষেপ হাতত লৈছে ৷ অক্ষয় কুমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোষলৈ ১ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰিছে ৷

ইফালে ইয়াৰ পূৰ্বতে অক্ষয় কুমাৰে কেৰালা আৰু চেন্নাই বান পীড়িত সকলক সাহাৰ্য্য প্ৰদান কৰিছে ৷ চেন্নাই বান পীড়িতক অভিনেতাজনে ১কোটি টকা সাহাৰ্য্য দিছিল ৷ ঠিক তেনেদৰে কেৰেলাৰ বানাক্ৰান্তলৈ এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰদান কৰিছিল ৷ ইয়াৰোপৰিও অক্ষয় কুমাৰে দেশৰ স্বাৰ্থত শ্বহীদ হোৱাসকলৰ কাৰণেও সহায়ৰ হাত আগবঢ়াইছে।

অভিনেতাগৰাকীয়ে পুলৱামাত শ্বহীদ হোৱা জোৱান সকলৰ পৰিয়ালক সহায়ৰ কাৰণে আগবাঢ়ি গৈছিল। অক্ষয় কুমাৰে পুলৱামা আক্ৰমণৰ শ্বহীদ জীত ৰাম গুৰ্জৰৰ পত্নী সুন্দৰী দেৱীক ১৫ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছিল ৷ইয়াৰ কাৰণে শ্বহীদ জীতৰ ভাতৃয়ে অভিনেতাগৰাকীৰ ধন্যবাদ জ্ঞাপন কৰে। অক্ষয় কুমাৰে ভাৰত চৰকাৰৰ সৈতে একত্ৰিত হৈ ভাৰতৰ বীৰ পুত্ৰ এপ তৈয়াৰ কৰিছিল ৷

সততে বলীউডক ছুপাৰহিট ছবি উপহাৰ দিয়া অক্ষয় কুমাৰৰ অনাগত ছবি হৈছে হাউচফুল ৪ ৷ অক্ষয় কুমাৰৰ উপৰিও ছবিখনত অভিনয় কৰিব ববী দেওল,ৰিতেশ দেশমুখ,কৃতি চানন,কৃতি খৰবন্দা আৰু পুজা হেগৰেই ৷ ছবিখন মুক্তি পাব দীৱালীত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com