দিল্লীৰ পণ্ডিত দীন দয়াল অনত্যদায়া ভৱনত অগ্নিকাণ্ড: এজন CISF জোৱান নিহত

দিল্লীৰ পণ্ডিত দীন দয়াল অনত্যদায়া ভৱনত অগ্নিকাণ্ড: এজন CISF জোৱান নিহত

দিল্লীৰ চৰকাৰী আৱাস পণ্ডিত দীন দয়াল অনত্যদায়া ভৱনত বৃহৎ অগ্নিকাণ্ড কাণ্ডৰ ঘটনা সংঘটিত হৈছে । CGO ৰ চৌহদত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । অগ্নিকাণ্ডত এজন নিৰাপত্তা ৰক্ষী নিহত হৈছে ।

আজি পুৱাৰ ভাগত অগ্নিকাণ্ড ঘটনাটোৰ সুত্ৰপাত হয়। অগ্নিদগ্ধ হোৱাৰ পাছত নিৰাপত্তা ৰক্ষী জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় নিৰাপত্তা ৰক্ষীজনৰ । ২৫ জন অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাড়ী প্ৰেৰণ কৰা হৈছে ঘটনাস্হলীলৈ । পণ্ডিত দীনদায়াল অনত্যদায়া ভৱনৰ পঞ্চম মহলত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। চৰকাৰী কাৰ্যালয় এটাত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।

পুৱা প্ৰায় ৪.৩০ত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। তৎক্ষনাত মহলাতো ধোৱাই আগুৰি ধৰে । ধোৱাই আগুৰি ধৰাৰ ফলতে নিৰাপত্তা ৰক্ষী জন জ্ঞানহীন হৈ পৰে আৰু AIIMS লৈ প্ৰেৰণ কৰা হয়। CGO চৌহদৰ অনত্যদায়া ভৱনত বহুতো চৰকাৰী বিষয়া, ভাৰতীয় বায়ু সেনাৰ জোৱান, NDRF ৰ লগতে আৰু বহুতো চৰকাৰী বিষয়া আছিল কাৰ্যালয়টোত। অট্টালিকাটো ২০১৬ চনৰ পৰা পাৰিয়াবৰন ভৱন নামে নামাকৰণ কৰা হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com