অব্যাহত আছে "উৰি"ৰ উপাৰ্জনৰ ধাৰাঃ কিন্তু কিমান উপাৰ্জন কৰিলে ছবিখনে?

অব্যাহত আছে "উৰি"ৰ উপাৰ্জনৰ ধাৰাঃ কিন্তু কিমান উপাৰ্জন কৰিলে ছবিখনে?

আদিত্য ধৰৰ সদ্য মুক্তি প্ৰাপ্ত ছবি "উৰি"ৰ সফলতাৰ ধাৰা সম্প্ৰতি অব্যাহত আছে ৷ ১১ জানুৱাৰীত মুক্তি পোৱা ছবিখনে পাঁচটা সপ্তাহ অতিক্ৰম কৰিলে ৷ কিন্তু পাঁচ সপ্তাহৰ পিছতো ছবিখনে প্ৰায় ২০০ কোটি টকা উপাৰ্জন কৰি বাহুবলীঃদ্য কনক্লুজনৰ ৰেকৰ্ড ভংগ কৰিলে ৷বক্স অফিচৰ তথ্য অনুসৰি ছবি খনে মুক্তি পোৱা পঞ্চম সপ্তাহৰ শুক্ৰবাৰ তথা ২০ দিনত বক্স অফিচত প্ৰায় ২.২৫ কোটি টকা উপাৰ্জন কৰে । ছবিখনে ২২ দিনত বক্স অফিচত উপাৰ্জন কৰে ২০২.৬০ কোটি টকা উপাৰ্জন কৰে ৷ ছবি খনে মুক্তি পোৱাৰ প্ৰথম সপ্তাহত বক্স অফিচত প্ৰায় ৭১.২৩ কোটি টকা উপাৰ্জন কৰে ৷দ্বিতীয় সপ্তাহত উপাৰ্জন কৰে প্ৰায় ৬২.৭৬ কোটি টকা,তৃতীয় সপ্তাহত বক্স অফিচত উপাৰ্জন কৰে প্ৰায় ৩৭.০৬ কোটি টকা ৷ভাৰতত যুদ্ধৰ পটভূমিত নিৰ্মাণ কৰা ছবিসমূহৰ ভিতৰত সদ্য মুক্তি প্ৰাপ্ত ছবি “উৰি” হ’ল সৰ্বশ্ৰেষ্ঠ৷ উৰি ছবিখনত লৈ এই মন্তব্য কৰিছিল বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰে৷

উল্লেখ্য যে ছবিখনত ৱিক্কী কৌশলে(Vicky Kaushal) বিহান সিং সেহগেল নামেৰে এজন ভাৰতীয় সেনাৰ বিষয়াৰ ৰূপত অভিনয় কৰিছে ৷বিহান সিং সেহগেলৰ ভগ্নীৰ স্বামী ২০১৬ চনত উৰি সেনাবাহিনীৰ যুদ্ধত হোৱা মৃত্যৰ দুখৰ লগতে দেশৰ কাৰণেও যুদ্ধ কৰিবলৈ আগবাঢ়ি যায় বিহান সিং সেহগেল অৰ্থাৎ বিক্কী কৌশলে ৷ ইফালে ২০১৭ চনৰ ছেপ্তেম্বৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ এক বছৰ অতিক্ৰম কৰাৰ পিছত নিৰ্মাতা ৰোনী স্কুৱালাই “উৰি”ছবি খন নিৰ্মাণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে ৷

নিৰ্দেশক আদিত্য ধৰে মন্তব্য কৰে যে এই ছবিখন সেই এঘাৰ দিনত সংঘটিত হোৱা ঘটনাৰ কল্পনাৰে নিৰ্মিত এখন ছবি ৷ উল্লেখ্য যে এই ছবিখনৰ কাৰণে বিক্কী কৌশলে প্ৰায় পাঁচ মাহৰ পৰা সেন্যৰ প্ৰশিক্ষণ লয় আৰু ওজন বৃদ্ধি কৰে। লগতে মুম্বাইত নৌ সৈনিকৰ পৰা বন্দুক চলোৱাৰো প্ৰশিক্ষণ লয় বিক্কী কৌশলে৷ এই সন্দৰ্ভত বিক্কী কৌশলে কয় যে, শাৰিৰীক ৰূপত এই ছবিখন মোৰ কাৰণে প্ৰত্যাহ্বান পূৰ্ণ আছিল ৷ ছবি খন দৃশ্যগ্ৰহণ কৰাৰ সময়ত আঘাত প্ৰাপ্তও হয় বিক্কী কৌশল৷আনহাতে উৰি ছবি খনত অভিনয় কৰিছে বিক্কী কৌশল, পৰেশ ৰাৱল, য়ামী গৌতম, মোহিত ৰেনা,কৃৰ্তি কুলহাৰী,ৰাজিট কাপুৰ,মনোহৰ পাৰিকৰ, মানস প্ৰতিম গ’হিল,স্বৰূপ সম্পট,শিশীৰ শৰ্মা, সত্যজিৎ শৰ্মা,ৰিভা আৰোৰা, মনিষ চৌধুৰী, ৰাকেশ বেদী, উজ্জ্বল চোপ্ৰা আদি শিল্পীয়ে ৷

ইফালে উৰি ছবিখনৰ সফলতাৰ পিছত অনুৰাগীসকলক ছ’চিয়েল মিডিয়াৰ যোগেদি ধন্যবাদ জনাইছে ৱিকী কৌশলে৷ ৱিকী কৌশলে কয় যে ছবিখনৰ “How is the josh” সংলাপটো এতিয়া কেৱল এটা সংলাপেই নহয়,সংলাপটো হৈছে এটা আৱেগ৷ সম্প্ৰতি,বিদ্যালয়, কলেজ,কেফে ন জৱান,কনফাৰেন্সৰ লগতে ৯২ বছৰীয়া দাদী আম্মা,২ বছৰীয়া শিশুৰ ফালৰ পৰা How ‘s the Josh ভিডিঅ’টো মোক শ্বেয়াৰ কৰিছে ৷ সকলোলৈকে মোৰ ফালৰ পৰা হিয়াঁভৰা ওলগ যাচিছোঁ৷এই মন্তব্য ৱিকী কৌশলৰ ৷

উল্লেখ্য যে উৰীৰ এই সংলাপটো শেহতীয়াকৈ সুঁৱৰিলে মুম্বাইৰ “মিউজিয়াম অফ ইণ্ডিয়ান চিনেমা”ৰ উৎঘাটন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ ভাষণৰ মাজতে কয় যে How’s the josh৷এই অনুষ্ঠানত বলীউডৰ বহু ছুপাৰষ্টাৰ কংগনা ৰানাউট,মনোজ কুমাৰ,কৰণ জোহৰ,পৰিণীতি চোপ্ৰা,কপিল শৰ্মা উপস্থিত কৰে ৷ ইয়াৰোপৰি ১ ফ্ৰেব্ৰুৱাৰী ত যেতিয়া বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে অন্তিম ৱাজেট উত্থাপন কৰাৰ প্ৰাকমুহুৰ্তত How’s the josh বুলি বাকী সাংসদ সকলক উদ্দেশ্য কৰি মন্তব্য কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com