অভিনেত্ৰী আলিয়া ভাট্টে ক্ৰয় কৰিলে সপোনৰ বাসগৃহঃ কিন্তু ক’ত?

অভিনেত্ৰী আলিয়া ভাট্টে ক্ৰয় কৰিলে সপোনৰ বাসগৃহঃ কিন্তু ক’ত?

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে মুম্বাইস্থিত জুহু ক্ৰয় কৰিছে এটি নতুন বাসগৃহ ৷সকলোফালৰ পৰা অত্যাধুনিক ষ্টাইলিছ বাসগৃহটোৰ মূল্য প্ৰায় ৭.৮ কোটি টকা ৷অৱশ্যে আলিয়া ভাট্টে এই বাসগৃহটোৰ কাৰণে ১৩ কোটিৰ টকাৰ অধিক ব্যয় কৰিছে ৷ জুহুত আলিয়াই পূৰ্বেও বাসগৃহ ক্ৰয় কৰিছে ৷ এইটো হৈছে আলিয়াৰ তৃতীয়টো বাসগৃহ ৷

ইফালে সম্প্ৰতি ঋষি কাপুৰ আৰু নীতু সিঙৰ পুত্ৰ ৰনবীৰ কাপুৰৰ লগত ৰিলেশ্বনত আছে আলিয়া ভাট্ট ৷ দুয়োকে মুম্বাইৰ পুলিছৰ অনুষ্ঠান ওমংগত দেখাৰ উপৰিও বিভিন্ন অনুষ্ঠানত প্ৰায়ে দেখা যায় ৷ আলিয়াৰ পিতৃ তথা নিৰ্দেশক মুকেশ ভট্টে জীয়ৰী আলিয়া আৰু ৰনবীৰৰ সম্পৰ্কটোৰ সম্পৰ্কে কয় যে তেওঁলোক দুয়োজন প্ৰেমৰ সম্বন্ধত আছে ৷ আলিয়াইও এই সম্বন্ধত কয় যে এনেকুৱা নহয় যে এনেধৰণৰ এটা সম্পৰ্ক এটা অনুভৱ ৷এই সম্পৰ্কটো মোৰ জীৱনৰ এটি মহত্ত্বপূৰ্ণ অংশ ৷ এই সম্পৰ্কটো অত্যন্ত সুন্দৰ ৷

সংবাদমাধ্যমৰ তথ্য অনুসৰি জুহুত সদ্যহতে ক্ৰয় কৰা বাসগৃহটো প্ৰেমিক ৰনবীৰ কাপুৰ সৈতে ভৱিষ্যতে বাস কৰিবলৈ আলিয়াই ক্ৰয় কৰিছে ৷ অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি "ব্ৰহ্মাস্ত্ৰ"ত একেলগে অভিনয় কৰিব ৷ ইয়াৰ প্ৰাকমুহুৰ্তত আলিয়া ক দেখা যাব ৰনৱীৰ সিঙৰ সৈতে জোয়া আখতাৰৰ ছবি গুলী বয়ত ৷ছবিখনৰ ট্ৰেইলৰ সম্প্ৰতি মুক্তি লাভ কৰিছে ৷ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ এই ট্ৰেইলৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কাৰণ আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছে সকলোকে ৷ ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত । উল্লেখ্য যে, ৰেপাৰ ডিভাইন আৰু নাএজীৰ জীৱনৰ ওপৰত আধাৰিত”গলী বয়” ছবিখন মুক্তি পাব “ভেলেন্টাইন ডে” অৰ্থাৎ ১৪ ফ্ৰেব্ৰুৱাৰীত ৷ ইফালে ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি “চিম্বা”ৰ প্ৰসংগৰ কথা উত্থাপন কৰি কয় যে,চিম্বাত মোৰ চৰিত্ৰ আছিল যথেষ্ট দুষ্ট,মনোৰঞ্জকৰ লগতে মৰমিয়াল লোকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ইয়াৰ বিপৰীতে “গলী বয়”ত মই শান্ত শিষ্ট এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ কাৰণে নিজকে ভাগ্যশালী বুলি কয় ৰনৱীৰ সিঙে ৷প্ৰত্যেক গৰাকী নিৰ্মাতায়ে কৰা বিশ্বাসেৰ কাৰণে ছবিসমূহত জীৱন্ত অভানয় কৰাৰ কথাও উল্লেখ কৰে অভিনেতা ৰনৱীৰ সিঙে৷

ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷ গতিকে সম্প্ৰতি “গলী বয়”ও বি টাউনত খলকনি তুলিব বুলি আশা কৰিছে কলা কুশলীসকলৰ লগতে অনুৰাগীসকলে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com