অসমৰ এখন গাঁও যিখন গাঁৱত যোৱা ১৩০ বছৰ ধৰি নিৰ্মান কৰি আহিছে সেউজীয়া ফটকা

অসমৰ এখন গাঁও যিখন গাঁৱত যোৱা ১৩০ বছৰ ধৰি নিৰ্মান কৰি আহিছে সেউজীয়া ফটকা

উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত প্ৰতি ব্যক্তিয়ে সেউজীয়া ফটকা বিচৰা দেখা পোৱা গৈছে । কিন্তু আচৰিত কথা এইটো যে সেউজীয়া ফটকা কতো পোৱা যোৱা নাই । ফটকাৰ বহু দোকান সমূহ সেউজীয়া ফটকা বিক্ৰী নোহোৱাত বন্ধ হৈ যোৱা উদাহৰনো আছে । দিপাৱলীৰ সময়ৰ ব্যৱসায়ী সকলৰ মুখত হাঁহি বিৰঙাৰ সলনি শুকান হৈ পৰা বিপৰীতধৰ্মী ছবিহে দেখা পোৱা গৈছে । মুনাফা উঠাবৰ বাবে সেউজীয়া ফটকাৰ বাবে অপেক্ষা কৰিবলগা হৈছে । যিসমূহ বজাৰত কতো উপলব্ধ নহয় । উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ অনুসৰি বায়ু আৰু শব্দ প্ৰদূষনৰ বাবে দেশ খনত কেৱল ৮ বজাৰ পৰা ১০ বজাৰ মাজৰ সময় খিনিত ফটকা ফুটোৱাবলৈ সময় সীমা নিৰ্ধাৰিত কৰি দিছে । ইয়াৰ লগতে শীৰ্ষ আদালতেও আদেশ জাৰি কৰে যে এতিয়াৰ পৰা কেৱল সেউজীয়া ফটকা বনাব আৰু বিক্ৰী কৰিব । কিন্তু এই সেউজীয়া ফটকা হয় কি? এই বিষয়ত উত্তৰ দিবলৈ কোনো এজন সামৰ্থ্য নহয় । সেউজীয়া ফটকা বনাই কোনে বুলি ব্যৱসায়ী সকলে প্ৰশ্ন কৰাহে দেখা পোৱা গৈছে । ক'ৰ পৰা আহিব? কোনে বনাব? আদি বিভিন্ন প্ৰশ্ন উত্থাপিত হোৱা দেখা গৈছে ।

কিন্তু আজি আমাৰ কাহুনীভাগ হৈছে অসমৰ এনে এখন গাঁৱৰ বিষয়ে যিখন গাঁৱে যোৱা ১৩০ বছৰতকৈ অধিক সময় ধৰি সেউজীয়া ফটকা নিৰ্মান কৰি আহিছে ।

এইখন গাঁৱ অসমৰ বৰপেটা জিলাৰ গনককুছি গাঁও । ইয়াৰ লোকে ১৮৮৫ চনৰ পৰা অৰ্থাৎ ১৩০ বছৰ ধৰি (ইকো-ফ্ৰেণ্ডলি) ফটকা নিৰ্মান কৰি আহিছে । তেওঁলোকৰ লগত এক বিশেষ ফৰ্মুলা আছে যাৰ সহায়ত গনককুছি গাঁৱৰ ৰাইজে অতীজৰে পৰা বনাই আহিছে ফটকা । এনেধৰনৰকৈ ফটকা নিৰ্মান কৰা হয়,যিবোৰৰ শব্দ কম,কম ধোৱা আৰু কম প্ৰকাশ কৰে । মুঠতে এই ফটকা সমূহ সেউজীয়া ফটকাৰ সৈতে খাপ খোৱা । বজাৰত যিবোৰ ফটকা বিক্ৰী কৰা হয়,সেইসমূহত বেৰিয়ম নাইট্ৰেড আৰু এলুমিনিয়াম পাউদাৰৰ ব্যৱহাৰ হয়, যাৰ বাবে এইবোৰৰ পৰা বেছি ধোৱা ওলাই আৰু এইয়াই কাৰন যাৰ বাবে উচ্চতম ন্যায়লয়ে উক্ত উল্লেখিত নিৰ্দেশ জাৰি কৰিবলগা হয় । আনহাতে গনককুছিত ১৩০ বছৰ পুৰনা ফৰ্মুলাৰ সহায়ত নিৰ্মান কৰা ফটকাত বেছি কেমিকেল ব্যৱহাৰ নহয় । সেই বাবে এই পৰম্পৰাগত ফটকাৰ সমূহৰ পৰা বহু বেছি ধোৱা নিৰ্গত নহয় ।

ইয়াত কাম কৰা বহু লোকে বহু সময় ধৰি ফটকা বনাই আহিছে আৰু গনককুছি গাঁৱত বেছি ডাঙৰ ফটকা নিৰ্মান কৰা নহয় । ইয়াক বনাবলৈ চেল্ফটৰী,ছালফাৰ,চাৰকোল,এলুমিনিয়াম ডাক্স আৰু কেস্টিৰোনাৰ ব্যৱহাৰ কৰা হয় । এই সমূহো পৰম্পৰাগত ফটকাই হয় । এইসমূহ বনাবলৈ অলপ বেছি টকাৰ প্ৰয়োজন অৰ্থাৎ ই খৰছী । কিন্তু ভাল কথা এইটো ইয়াৰ দ্ধাৰা বায়ু প্ৰদূষন আৰু শব্দ প্ৰদূষন কমকৈ হয় । এওঁলোকৰ লগত ফটকা নিৰ্মান কৰা মেছিন নাই । সকলো কাম হাতৰ সহায়ৰে কৰে সেয়ে বিভিন্ন ডিজাইন থকা ফটকা নিৰ্মান কৰিব নোৱাৰে আৰু ফটকাৰ উৎপাদনো কম হয় । যদিও অসম চৰকাৰে এই স্বদেশী ফটকা নিৰ্মানকাৰী সকলক কিছু আধুনিক আহিলা তথা যন্ত্ৰ-পাতি প্ৰদান কৰিছে তথাপি তেওঁলোকৰ বছৰেকীয়া বাৰ্ষিক টানঅভাৰ ১ কোটি টকা ।

ইয়াৰ সেউজীয়া ফটকাতকৈ সামান্য ফটকাৰ তুলনাত ৫০-৬০ শতাংশতকৈ কম এলুমিনিয়াম ব্যৱহাৰ কৰা হয় । ইয়াক 'সেফ মিনিমেল' নাম দিয়া হৈছে । ইয়াক ফুটালে ১১০-১১৫ ডেচিবেলৰ মাজত শব্দ হয় ।যিটো চৰকাৰৰ নিয়মৰ মাজত পৰে,কাৰন চৰকাৰৰ নিয়ম অনুসৰি ফটকাৰ শব্দ ১২৫ ডেচিবেলতকৈ অধিক হ'ব নালাগে ।

কাউঞ্চিল অৱ চাইণ্টিফিক এণ্ড ইণ্ডাষ্টিৰিয়েল ৰিচাৰ্চ (চিএছআইআৰ)ৰ সংস্থা নেশ্যনেল এণ্ডভাইৰোমেণ্টেল ইঞ্জিনিয়াৰিং ৰিচাৰ্চ ইনষ্টিটিউট (এনইইআৰআই) বৈজ্ঞানিকে নিৰ্মান কৰা সেউজীয়া ফটকা আৰু অসমৰ এই খন গাঁৱে নিৰ্মান কৰা ফটকাৰ নমুনা পেট্ৰলিয়াম এণ্ড এক্সপ্লচিভচ চেফটি অৰ্গেনাইজেচন (পিইএছঅ)ত পৰীক্ষাৰ বাবে পঠিউৱা হ'ব । পিইএছঅ' এটি বৈজ্ঞানিক সংস্থা যিটো এক্সপ্লচিভচ এক্ট,১৯৮৪ৰ অধীনত আহিবলগীয়া উৎপাদিত সামগ্ৰীৰ সুৰক্ষা আৰু স্থিৰতাৰ বাবে নিৰ্ধাধন কৰা হ'ব । যেতিয়াই পিইএছঅ' এই ফটকা সমূহৰ মান্যনা প্ৰদান কৰিব,তেতিয়াই ডাঙৰ পৰ্যায়ত ইয়াৰ উৎপাদন আৰম্ভ হ'ব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com