অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ গুপ্তাৰ আত্মসমৰ্পণ

অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ মুল অভিযুক্ত ৰাকেশ গুপ্তাৰ আত্মসমৰ্পণ

অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ অন্যতম অভিযুক্ত ৰাকেশ গুপ্তা ৰ আত্মসমৰ্পণ । বৃহস্পতি বাৰে অসম লোকসেৱা আয়োগৰ চাকৰি দিয়াৰ নামত উৎকুচ লোৱা কেলেংকাৰীত অন্যতম অভিযুক্ত পলাতক ৰাকেশ গুপ্তাই আত্মসমৰ্পণ কৰে । এপিএচচি কেলেংকাৰী গোচৰটো প্ৰায় ডেৰ বছৰ ধৰি চলি আছে ।

ৰাকেশ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকা সময়ে আয়োগৰ ভিতৰচৰা এখন চাকৰিৰ বজাৰলৈ পৰ্যবসিত কৰিছিল । এপিএচচি কেলেংকাৰীৰ গোচৰত বহুতো এচিএচ আৰু এপিএচ বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । ২০১৭ চনৰ পৰা ২০১৮ চনৰ ভিতৰত গ্ৰেজেটেড বিষয়াকো গ্ৰেপ্তাৰ কৰিছিল । বৃহস্পতি বাৰে আদালতত আত্মসমৰ্পণ কৰে ৰাকেশ গুপ্তাই।

এপিএচচি কেলেংকাৰীত বহুতকে গ্ৰেপ্তাৰ কৰিছিল আৰু বহুতে ইতিমধ্যে জামিন লাভ কৰিছে । জামিন লাভ কৰা সকলৰ গোচৰ বৰ্তমানেও চলি আছে ।

ৰাকেশ গুপ্তাৰ আত্মসমৰ্পণে অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ আৰু নতুন তথ্য উদ্ঘাটনত সহায় কৰিব।

২০১৬ চনত ডিব্ৰুগড় আৰক্ষীয়ে উৎকুচ লোৱাৰ এক গোচৰ ৰুজু কৰিছিল । ১০ লাখ টকা উৎকুচত এপিএচচিত চাকৰি দিয়াত ইঞ্জিনিয়াৰ নবকান্ত পাটিৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । তাৰ পিছত আৰক্ষীয়ে নবকান্ত পাটিৰক হাতে লোটে আটক কৰে । নবকান্ত পাটিৰৰ স্বীকাৰ উক্তিৰ ভিত্তিত ৰাকেশ পালক ২০১৬ চনৰ ৪ নবেম্বৰত আটক কৰে ।

ৰাকেশ গুপ্তাই বিশেষ কোৰ্টত হাজিৰ হোৱাৰ পুৰ্বে আবেদন কৰিছিল । আদালতে ৰাকেশ গুপ্তাৰ আবেদন খাৰিচ কৰে আৰু আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com