অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰাজাৰ মৃত্যু

অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰাজাৰ মৃত্যু

গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা ব’টানিকেল গাৰ্ডেনত থকা এটা ৪৮ বছৰীয়া জলহস্তীৰ মৃত্যু হয় ৷ শনিবাৰে মৃত্যু হোৱা ৰাজা নামৰ জলহস্তীটোৱে দুখৰ বাতৰি কঢ়িয়াই আনিছে হাজাৰ হাজাৰ চিৰিয়াখানা চাবলৈ অহা দৰ্শকৰ কাৰণে ৷ অন্যহাতে,ৰাজা আছিল অসম ৰাজ্যিক চিৰিয়াখানাৰ আটাইতকৈ পুৰণি জলহস্তী ৷উল্লখ্য যে, জলহস্তীটো ৪ বছৰ বয়সতে ১৯৭৪ চনৰ ২৭ ডিচেম্বৰত USA ৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল ৷

ইফালে,জলহস্তীটোৰ মৃত্যুত সম্প্ৰতি দুখ প্ৰকাশ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৷অসম ৰাজ্যিক চিৰিয়াখানাৰ এজন লোকৰ ভাষ্য অনুসৰি, চিৰিয়াখানাখনত চোৱা চিতা কৰা প্ৰায় সংখ্যক লোকৰ কাৰণে ৰাজা প্ৰায় চিনাকী৷ মৃত্যুৰ পূৰ্বে ৰাজাই খেলিবলৈ প্ৰায় এৰি দিছিল ৷ যিটো আছিল আটাইতকৈ দুখ জনক মুহুৰ্ত ৷

উল্লেখ্য যে, গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত বিভিন্ন ধৰণৰ জীৱ জন্তু আছে ৷তাৰ ভিতৰত চিম্পাঞ্জী,অসমৰ আপুৰুগীয়া এশিঙীয়া গড়,বাঘ আদিয়েই প্ৰধান ৷ ইয়াৰোপৰি স্থানীয় জীৱ-জন্তুসমূহৰ বংশবৃদ্ধিৰ কাৰণে কৰ্তৃপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অসম ৰাজ্যিক চিৰিয়াখানাত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত ৰখা হয় জীৱ জন্তুসমূহক ৷ সম্প্ৰতি ৰাজা নামৰ জলহস্তীটোৰ মৃত্যু দুখ প্ৰকাশ কৰিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৷

অন্যান্য খবৰৰ কাৰণে পঢ়ক: ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com