আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বিপদত পৰিছে দিশপুৰ

আঁচনি ৰূপায়নৰ ক্ষেত্ৰত বিপদত পৰিছে দিশপুৰ

২০১৯ লোকসভা নিৰ্বাচনৰ আগত সকলোবোৰ চৰকাৰী আঁচনি সঠিকভাৱে ৰূপায়িত হৈ তাৰ লাভ জনসাধাৰণে পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰা সময়তে অসম চৰকাৰ বিপদত পৰিছে। অসমত এই পৰ্য্যন্ত প্ৰধান মন্ত্ৰী আৱাস যোজনা,প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা আদিৰ দৰে গুৰুত্বপূৰ্ন আঁচনি এই পৰ্যন্ত ভালদৰে ৰূপায়ন হোৱা নাই।বিজুলী ২,৫৯,৭৭৯টা পৰিয়ালত সংযোগ হ'ব লাগে যদিও মাত্ৰ ৩০,৬২০টা পৰিয়ালতহে সংযোগ হৈছে। এই আঁচনিসমূহ ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাটো সোণোৱাল চৰকাৰৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাবে বিবেচিত হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com