আকৌ বিতৰ্কত এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰঃ প্ৰতিক্ৰিয়া প্ৰকাশ অনুপম খেৰৰ

আকৌ বিতৰ্কত এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰঃ প্ৰতিক্ৰিয়া প্ৰকাশ অনুপম খেৰৰ

১১ জানুৱাৰীত মুক্তি পাব লগীয়া "এক্সিডেন্টল প্ৰাইম মিনিষ্টাৰ" ক লৈ বিতৰ্কৰ যেন অৱসানেই নঘটিব ৷ শেহতীয়াকৈ পোৱা তথ্য অনুসৰি দিল্লী উচ্চ ন্যায়ালয়ে ছবিখনৰ "ট্ৰেইলৰ" নিসিদ্ধ কৰাৰ ক্ষেত্ৰত দিয়া শুনানিক খাৰিজ কৰি দিয়ে ৷ তথ্য অনুসৰি ট্ৰেলৰটোত চিনেম’টোগ্ৰাফি আইনৰ ৩৮ নং দফাক উলংঘন কৰিছে আৰু এই ক্ষেত্ৰত অতি শীঘ্ৰেই ন্যায়ালয়ে ব্যৱস্থা কৰিব লাগে ৷ লগতে দিল্লীস্থিত এজন ডিজাইনাৰৰ অনুসৰি ছবিখনত বহু দৃশ্যাংশই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ছবিখন ধুসৰ কৰিব পাৰে ।

লগতে "এক্সিডেন্টল প্ৰাইম মিলিষ্টাৰ" ছবিখনৰ ট্ৰেইলটো মুক্তি পোৱাৰ পিছতে ড° মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী পদৰ গৰিমাক ব্যাঘাট জন্মাইছে ৷ ইফালে ছবিখনৰ সন্দৰ্ভত ইউটিউবত দিয়া ট্ৰেইলৰ সন্দৰ্ভত যথেষ্ট বিতৰ্কৰ সৃষ্টি হয় ৷ ইউটিউবত ছবিখনৰ ট্ৰেইলৰ হাইড কৰাৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ছবিখনত ড° মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অনুপম খেৰে ৷ দেশৰ বিভিন্ন লোকে ছবি খন ইউটিউবত চাৰ্চ কৰিলে ছবিখনৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য নাহে ৷ এই অভিযোগ দেশৰ ভিন্ন প্ৰান্তৰ লোকে অভিনেতা অনুপম খেৰক কৰিছিল ৷

কিন্তু সম্প্ৰতি এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ ছবিখনৰ ট্ৰেইলৰ উপলব্ধ হ’ল ইউটিউবত ৷ ট্ৰেইলৰটো চাই প্ৰায় ৪ কোটিটকৈও অধিক লোকে ৷ উল্লেখ্য যে,"এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ" ছবিখন ড° মনমোহন সিঙৰ জীৱনৰ ওপৰত আধাৰিত ৷ অভিনেতা অনুপম খেৰে ছবিখনত ড° মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰিছে৷ মনমোহন সিঙৰ পত্নী গুৰশৰণ কৌৰৰ চৰিত্ৰত অভিনয় কৰিছে দিব্যা শেঠে ৷ অক্ষয় খান্নাই সঞ্জয় বাৰু, অৰ্জুন মাথুৰ আৰু আহানা মাথুৰে ক্ৰমে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে৷

আনহাতে সুৰ্জেইন ৱৰ্নেটে প্ৰাক্তন কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ চৰিত্ৰ অভিনয় কৰিছে ৷ অন্যহাতে এই ছবি খনত বিনোদ মেহতা, সীতাৰাম য়েচুৰী, এ ৰাজা, এ পি জে আব্দুল কালাম, লালু প্ৰসাদ, মায়াৱতী, সুষমা স্বৰাজ, অমৰ সিং, কপিল সিব্বল, জ্যোতি বসু, প্ৰণৱ মুখাৰ্জী, নটৱৰ সিং, পীবী নৰসিন্হা ৰাও, অজিল পিল্লই, শিৱৰাজ পাটিল, অৰ্জুন সিং, উমা ভাৰতীৰ দৰে নেতাসকলৰ চৰিত্ৰত প্ৰায় ১৪০ জন অভিনেতাই অভিনয় কৰিছে৷ সম্প্ৰতি ছবিখনৰ ট্ৰেইলৰটোৰ লোকপ্ৰিয়তালৈ চাই সকলোৰে অপেক্ষা মাথো ছবিখনে মুক্তি পোৱা দিনটোলৈ ৷ কাৰণ অনুপম খেৰৰ ছবিসমূহত বিভিন্ন চৰিত্ৰত অভিনয় কৰোঁতে যি জীৱন্ত অভিনয় দেখিবলৈ পোৱা যায় সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই।

অন্যহাতে, ইনষ্টাগ্ৰামত নিজৰ ভাব ব্যক্ত কৰি অনুপম খেৰে অক্ষয় খান্নাক বিশেষভাৱে প্ৰশংসা কৰে ৷ লগতে লিখে যে আপুনি এজন অদ্ভুত আৰু অত্যন্ত সৰল অন্তৰৰ সহ অভিনেতা ৷ আপোনাৰ প্ৰতিভাই মোৰ অভিনয়ৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কাৰণেই মই মোৰ চৰিত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’লো ৷ আপুনি সকলোৰে কাৰণে প্ৰেৰণা ৷ লগতে ছবিখন অনুপম খেৰৰ অভিনয় জীৱনৰ অন্যতম সফলতা বুলিও কয়। ইফালে "এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ "ছবিখন মুক্তি লাভ কৰিব ২০১৯ চনৰ ১১ জানুৱাৰীত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com