আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে তিনিচুকীয়াত কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী বাবুল সুপ্ৰিয়’

আগন্তক লোকসভা নিৰ্বাচনৰ কাৰণে তিনিচুকীয়াত কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী বাবুল সুপ্ৰিয়’

সমাগত লোকসভা নিৰ্বাচন ৷ ৰাজ্য সকলো প্ৰান্তৰত সম্প্ৰতি নিৰ্বাচনী বতাহ বলিছে ৷ শাসক বিৰোধী সকলো দলেই সম্প্ৰতি ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ ৰাজ্যৰ শাসনাধিষ্ঠ দল বিজেপিয়ে তিনিচুকীয়া চহৰৰ তামুলীবাৰীস্থিত শ্বহীদ পিয়লি ফুকন খেল পথাৰত বিজপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে ৷

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ শীৰ্ষক সভাখনত মুখ্য অতিথি হিছাপে উপস্থিত আছিল কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী বাবুল সুপ্ৰিয়’(Babul Supriyo) ৷ সভাখনত কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী সুপ্ৰিয়’ই অংশগ্ৰহণ কৰি সকলো জনসাধাৰণক ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীক পুনৰ জয়ী কৰিবৰ কাৰণে আহ্বান কৰে ৷

ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বাবুল সুপ্ৰিয়ই গীত গাই উপস্থিত জনসাধাৰণক আপ্লুত কৰে । বিজেপিৰ নিৰ্বাচনী সভাখনত ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী , ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন , তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ , বিজেপিৰ ৰাজ্যিক সচিব পুলক গোহাঁই , বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি লখেশ্বৰ মৰানৰ সহিত বিজেপিৰ অন্যান্য নেতাসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com