আছুৰ স্বৰ্ণকাপ ফুটব'ল প্ৰতিযোগিতা আৰম্ভ

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী আন্তঃজিলা আছু স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা খনি ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে তৈলনগৰী দুলীয়াজানৰ সাতটা স্থানত আৰম্ভ হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম ফুটবল প্ৰতিযোগিতা খন এইবাৰ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰম্ভ হৈছে। চলিত বৰ্ষৰ স্বৰ্ণকাপ প্ৰতিযোগিতাখনত ১৮ টাকৈ জিলা দলে অংশগ্ৰহণ কৰিছে।

প্ৰতিবছৰে সদৌ অসস ছাত্ৰ সন্থাই সিংহ পুৰুষ, ক্ৰীড়া সংগঠক ৰাধাগোবিন্দ বৰুৱাৰ সোঁৱৰণত স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা আয়োজন কৰি আহিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে আৰম্ভণিতে আছুৰ পতাকা উত্তোলন কৰে। অসমৰ বিভিন্ন জিলাত থকা ফুটবল প্ৰতিভা সমূহ চিনাক্তকৰণ কৰাৰ বাবেই সদৌ অসম ছাত্ৰ সন্থাই ফুটবল প্ৰতিযোগিতা খন আয়োজন কৰি আহিছে। আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে শ্বহীদ তৰ্পন কাৰ্য্যসূচী ৰূপায়ন কৰে।

দুলীয়াজানৰ কছাৰী পথাৰ, দুলীয়াজান মহাবিদ্যালয় খেলপথাৰ, ভাদৈ হাইস্কুল, চলাকটকী আদি খেলপথাৰত খেল সমূহ অনুষ্ঠিত হব। মৰিগাঁও আৰু ডিব্ৰুগড় দলৰ মাজত আজি উদ্ধোধনী খেলখন অনুষ্ঠিত হয়। উদ্ধোধনী খেলত মৰিগাঁৱে ৪-৩ ব্যৱধানত ডিব্ৰুগড়ক পৰাস্ত কৰে। দুলীয়াজানৰ নেহেৰু ময়দানত উদ্ধোধনী খেলখন অনুষ্ঠিত হয়।ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই নিবৰ বাবে ৰা্জ্য চৰকাৰক এক পৰিকল্পিত ক্ৰীড়া নীতি প্ৰস্তুত কৰাৰ বাবে দাবী জনাই আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

অধিক খবৰৰ বাবে পঢ়ত খেলৰ পৃথিৱী:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com