আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন টেষ্ট, প্ৰথম দিনাই শক্তিশালী স্থিতিত ভাৰত

আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্থখন টেষ্ট, প্ৰথম দিনাই শক্তিশালী স্থিতিত ভাৰত

আজিৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃখলাৰ অন্তিমখন টেষ্ট ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হৈছে। ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিঙ কৰাৰ সিদ্ধান্ত গ্ৰহম কৰে। আজি ভাৰতে হনুমা বিহাৰীৰ স্থানত লোকেশ ৰাহুলক মায়ংক আগৰৱালৰ লগত ইনিংছ মুকলি কৰাৰ বাবে দায়িত্বভাৰ অৰ্পন কৰে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত হনুমা বিহাৰীয়ে মধ্যম ক্ৰমত বেটিঙ কৰিব। ইনিংছ আৰম্ভ কৰিব আহি দলীয় স্কোৰ ১০ ৰাণত লোকেশ ৰাহুলে হেজেলহুদৰ বলত শ্বন মাৰ্চৰ হাতত কেচ দি বিদায় লয়। অষ্ট্ৰেলিয়াত ক্ৰমাগত ভাবে দুৰ্বল ফৰ্মত যাত্ৰা অব্যাহত আছে লোকেশ ৰাহুলৰ।

ৰাহুলৰ বিদায়ৰ পিছতে মায়াংক আগৰৱালৰ লগ লাগে ইনফৰ্ম বেটছমেন চেতেশ্বৰ পূজাৰা। দুয়ো অষ্ট্ৰেলিয়াৰ বলিঙ আক্ৰমণৰ বিপক্ষে সাৱলীল ভাবে খেলি দলত এক শক্তিশালী স্থিতি প্ৰদান কৰে। মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা মায়ংক আগৰৱালে আজি নিজৰ দ্বিতীয়খন টেষ্টতো অৰ্ধশতৰাণ সংগ্ৰহ কৰে। মায়ংক আগৰৱালে ৭৭ ৰাণত নাথান লিয়নৰ বলত মিচেল ষ্টাৰ্কৰ হাতত লং অনত কেচ দি বিদায় লয়। মায়ংক আগৰৱালাৰ বিদায়ৰ পিছত ক্ৰিজলৈ আহে ভাৰতৰ অধিনায়ক বিৰাট কোহলী। কোহলীয়ে স্বভাৱজাত খেলেৰে স্কোৰ ব'ৰ্ড আগুৱাই লৈ যোৱাৰ সময়তে হেজেলহুডৰ এটা উঠি অহা ব'ল লেগ চাইডত ফ্লিক কৰিবলৈ গৈ উকেট ৰক্ষক টিম পাইনৰ হাতত কেচ দি আউট হয়। কোহলীৰ বিদায়ৰ পিছত বেটিঙ কৰিবলৈ অহা ভাৰতীয় দলৰ সহ অধিনায়ক আজিকং ৰাহানে ১৮ ৰাণ কৰি পেভিলিয়ান মুখি হয়।

এফালে উইকেট পতনৰ পিছতো আনটো ফালে পূজাৰাই সুন্দৰ খেল প্ৰদৰ্শন কৰি চলিত শৃখলাত নিজৰ তৃতীয়টো শতৰাণ অৰ্জন কৰিবলৈ সক্ষম হয়। দিনান্তত পূজাৰাই ১৩০ ৰাণ আৰু হনুমা বিহাৰীয়ে ৩৯ ৰাণত অপৰাজিত হৈ থাকে। পূজাৰাই ২৫০ টা ব'লত ১৬ টা চাৰিৰে ইনিংছটো সজাই। প্ৰথম দিনৰ খেলৰ সামৰণিত ভাৰতে ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৩০৩ ৰাণ। অষ্ট্ৰেলিয়াৰ হৈ বলিঙত মিচেল ষ্টাৰ্কে এটা, হেজেলহুদে দুটা আৰু নাথান লিয়নে এটা উইকেট দখল কৰে। ভাৰতে আজি দলীয় একাদশত দুটা সালসলনি কৰে।পুত্ৰী সন্তানৰ পিতৃ হোৱা বাবে ঘৰলৈ ওভতা ৰোহিত শৰ্মাৰ ঠাইত দলত স্থান পায় লোকেশ ৰাহুলে আৰু আঘাতৰ বাবে ইশান্ত শৰ্মাৰ ঠাইত দলত স্থান পাই চাইনামেন স্পীনাৰ কুলদীপ যাদৱে। ভাৰতে ছিডনী টেষ্টত দুজন বেগী বলাৰ আৰু দুজন স্পীনাৰেৰে খেলিছে। ভাৰতে ইতিমধ্যে চাৰিখন খেলৰ টেষ্ট শৃখলাটো ২-১ ব্যৱধানত আগবাঢ়ি আছে। চলিত টেষ্টখনত জয়ী হবলৈ সক্ষম হলে অথবা ড্ৰ ৰূপে সামৰণি মাৰিবলৈ সক্ষম হলে ভাৰতে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয়ৰ সোৱাদ লাভ কৰিব।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃখিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com