আজিৰ ১৬ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজিৰ ১৬ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮৪৬ চনৰ আজিৰ দিনটোতে অমিতসৰ বুজাবুজি চুক্তিৰ অনুসৰি কাশ্মীৰৰ আধিপত্যত কাশ্মীৰৰ আধিপত্য জম্মুৰ হিন্দু ৰজা গুলাব সিঙৰ অধীন কৰে ৷

১৯৪২ চনৰ আজিৰ দিনটোতে ভি -২ ৰকেট লন্স কৰে । কিন্তু লন্স কৰাৰ লগে লগে ৰকেট বিস্ফোৰণ হয় ।

১৯৫৯ চনৰ আজিৰ দিনৰ দিনটোতে ইৰাক আৰু চোবিয়েত সংঘৰ মাজত আৰ্থিক তথা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত হস্তাক্ষৰ কৰে।

১৯৬৬ চনৰ আজিৰ দিনটোতে আমেৰিকাই মানবযুক্ত যান অন্তৰীক্ষ যান জাৰ্মানী -৮ লন্স কৰে ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে আঠ বছৰ পৰ্যন্ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু ১৩ বছৰ পৰ্যন্ত লেবাৰ পাৰ্টি নেতা হিচাপে থকা হেৰল্ড বিলসনে পদত্যাগ পত্ৰ দি সকলোকে স্তম্ভিত কৰিছিল ৷

১৯৭৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাদা পৰমাণু পৰীক্ষণ কৰে ।

১৯৯৮ চনৰ আজিৰ দিনটোতে চীন ৰাষ্ট্ৰপতি জিয়াংগ জেমিন পৰৱৰ্তী কাৰ্যকালৰ কাৰণে পুনৰাই ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ।

২০০৩ চনৰ আজিৰ দিনটোতে গ্ৰাণ স্মিথ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ অধিনায়ক হয়।

২০০৪ চনৰ আজিৰ দিনটোতে ৰুছত হোৱা এক বিস্ফোৰণত প্ৰায় ২১ জন লোক নিহত হয়।

২০০৫ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ মহাসচিব কফী আন্নান নতুন অধ্যক্ষ হয়।

২০০৬ চনৰ আজিৰ দিনটোতে নিৰ্বাচনৰ তিনি মাহৰ পিছত ইৰাকৰ নতুন সাংসদে শপত গ্ৰহণ কৰে ৷

২০০৮ চনৰ আজিৰ দিনটোতে পাৰভেছ মুশ্বাৰফে পাকিস্তানত আৱদ্ধ ভাৰতীয় নাগৰিক সৰবজিৎ সিঙৰ ডেথ ৱাৰেন্টত চহী কৰে।

২০১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ মাষ্টৰ ব্লাষ্টৰ শচীন তেনণ্ডুলকাৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰে ৷

২০১৩ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাৱলপিণ্ডীত হোৱা এক বাছ দুৰ্ঘটনাত প্ৰায় ২৫ জন সৈনিকৰ মৃত্যু হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৬৯৩ চনৰ আজিৰ দিনটোতে ইন্দোৰ বংশৰ প্ৰৱৰ্তক মল্হাৰৰা হোল্কৰৰ জন্ম হৈছিল।

১৯০১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী পোট্টী শ্ৰীৰামুলৰ জন্ম হৈছিল ৷

ভাৰতৰ প্ৰসিদ্ধ শিক্ষা বিদ,হিন্দী সাহিত্যকাৰ অম্বিকা প্ৰসাদ দিব্যৰ জন্ম হয় ১৯০৬ চনৰ আজিৰ দিনটোতে ৷

১৯১৬ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ প্ৰসিদ্ধ খলনায়ক তথা ছবি নিৰ্মাতা দয়া কিশান চপ্ৰুৰ জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৪৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কবি,সাহিত্যকাৰ অযোধ্যা সিং উপাধ্যায়ৰ মৃত্যু হয়।

১৯৯৯ চনৰ আজিৰ দিনটোতে হাস্য চৰিত্ৰৰ জনক লিয়োন লী ফাঙ্কৰ মৃত্যু হয়।

১৯৫৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী সাহিত্যকাৰ বিজয়ানন্দ ত্ৰিপাঠীৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com