আজি শিশু দিৱস

আজি শিশু দিৱস

ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো প্ৰতিবছৰে দেশবাসীয়ে শিশু দিৱস হিচাপে পালন কৰি আহিছে । পণ্ডিত নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল সেয়েহে তেওঁৰ ওপজা দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয় ।

ভাৰতৰ প্ৰথমজন প্রধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯চনৰ ১৪ নবেম্বৰত । ওপজা দিনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ।

দিল্লীৰ নেহৰুৰ শান্তিবনত থকা সমাধিক্ষেত্ৰলৈ গৈ পুৱাই তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ।

দেশজুৰি জৱাহৰলাল নেহৰুক স্মৰণৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী শিশুসকলৰ মাজত অনুষ্ঠিত হৈছে ।

আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ৰাজ্যিক বাল ভৱনৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হৈছে ।

সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ লগতে বহুসংখ্যক গন্য-মান্য ব্যক্তি আৰু শিশু সকলৰ অভিভাৱক । বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com