আজি ১০ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১০ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ  ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮১৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাজ্য আমেৰিকাৰ সংসদীয় চৰকাৰে বেংক স্থাপনৰ মঞ্জুৰী দিছিল ৷

১৮৭৫ চনৰ আজিৰ দিনটোতে স্বামী দয়ানন্দ নাথে আৰ্যসমাজৰ স্থাপন কৰা হৈছিল ৷

১৯১২ চনৰ আজিৰ দিনটোতে টাইটানিকে প্ৰথম আৰু শেষ যাত্ৰা আৰম্ভ কৰে ৷

১৯১৬ চনৰ আজিৰ দিনটোতে গল্ফ টুৰ্নামেন্টৰ আয়োজন কৰা হয়।

১৯২২ চনৰ আজিৰ দিনটোতে ঐতিহাসিক জেনেৱা আন্দোলন হয়।

১৯৩৮ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াৰ জাৰ্মানীৰ এখন ৰাজ্য হয়।

১৯৬৩ চনৰ আজিৰ দিনটোতে পনড্ডুবী ইউএছএছ চহৰ ডুবাৰ কাৰণে ১২৩ জন নাবিকৰ মৃত্যু হয়।

১৯৭২ চনৰ আজিৰ দিনটোতে ইৰাণত অহা ভূমিকম্পত প্ৰায় ৫ হাজাৰ লোকৰ মৃত্যু হয় ৷

১৯৯৮ চনৰ আজিৰ দিনটোতে উত্তৰী আয়াৰলেণ্ডত কেথলিক তথা প্ৰটেষ্টেটৰ মাজত হোৱা বুজাবুজি চুক্তি সম্পন্ন ৷

২০০৩ চনৰ আজিৰ দিনটোতে আমেৰিকাই ইৰাক অধিকাৰ কৰে ৷

২০১০ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ প’লেণ্ডৰ ৰাষ্ট্ৰপতি লেক কাজিস্কীৰ বিমান দুৰ্ঘটনাত প্ৰায় ৯৬ জন লোক নিহত হয়।

২০১৬ চনৰ আজিৰ দিনটোতে কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিংগ মন্দিৰত হোৱা অগ্নিকাণ্ডত প্ৰায় ১১০ জন লোকৰ মৃত্যু হয় আৰু ৩০০ তকৈও অধিক লোকৰ মৃত্যু হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৪৭ চনৰ আজিৰ দিনটোতে পুল্লিৎজাৰ পুৰস্কাৰ প্ৰণেতা আমেৰিকাৰ সংবাদদাতা তথা প্ৰকাশক জোচেফ পুলিৎজাৰ জন্ম হয় ৷

১৮৯৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্যোগপতি ঘনশ্যাম দাস বিড়লাৰ জন্ম হয়।

১৯২৮ চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰ সন্মানিত ভাৰতীয় সৈনিক মেজৰ ধনসিঙ থাপাৰ জন্ম হৈছিল ৷

১৯৩১ চনৰ আজিৰ দিনটোতে হিন্দুস্তান শাস্তীয় পৰম্পৰা মুখ্য গায়িকাৰ ভিতৰত আৰু জয়পুৰ ঘৰানেৰ অগ্ৰণী গায়িকা কিশোৰী অমোনকৰৰ জন্ম হৈছিল ৷

১৯৩২ চনৰ আজিৰ দিনটোতে বহুমুখী প্ৰতিভাশালী,অনেক বিষয়ৰ বিদ্বান,বিচাৰক আৰু কবি শ্যাম বহাদুৰ বৰ্মাৰ জন্ম হৈছিল ৷

১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনেতা নাৰায়ন ৰাণেৰ জন্ম হৈছিল ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী আয়েশা টাকিয়া জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৩১ চনৰ আজিৰ দিনটোতে বিশ্বৰ শ্ৰেষ্ঠ চিন্তক মহাকবি তথা মহান দাৰ্শনিক খলীল জিব্ৰানৰ জন্ম হৈছিল ৷

১৯৯৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ স্বাধীনতা সেনানী আৰু ভাৰত ৰত্নৰে সন্মানিত ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী মোৰাৰজী দেসাইৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com