আজি ১২ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১২ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮০১ চনৰ আজিৰ দিনটোতে ৰণজীত সিঙে নিজকে পঞ্জাৱৰ মহাৰাজ ঘোষণা কৰে ৷

১৮৬১ চনৰ আজিৰ দিনটোতে আমেৰিকাত গৃহযুদ্ধ আৰম্ভ হয় ৷

১৯২৭ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ কেবিনেটে ২১ বৰ্ষৰ মহিলাক ভোট দিয়াৰ অধিকাৰ দিয়াৰ সমৰ্থন কৰে ।

১৯২৮ চনৰ আজিৰ দিনটোতে জাৰ্মান বিমান ব্ৰেমেনে আটলান্টিক মহাসাগৰৰ পূব পশ্চিম আৰু প্ৰথমবাৰ কাৰণে অৱতৰণ কৰে।

১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেঙ্কলিন ডী ৰুজবেল্টৰ কাৰ্যালয়ত মৃত্যু হয় ।

১৯৪৬ চনৰ আজিৰ দিনটোতে চিৰীয়াত ফান্সৰ অধিকাৰ সমাপ্ত হয়।

১৯৫৫ চনৰ আজিৰ দিনটোতে ড° জোন্স সাৰ দ্বাৰা বিকশিত প’লিঅ’ ৱেক্সীনক সুৰক্ষিত আৰু প্ৰভাৱী ৰূপে ঘোষণা কৰে ৷

১৯৬১ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই প্ৰথম যুৰী গেগৰীন মহাকাশলৈ যাত্ৰা কৰে৷

১৯৭৩ চনৰ আজিৰ দিনটোতে চুইডেনে নিজৰ সংবিধান তৈয়াৰ কৰে ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰেলৱেই ১২৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ কাৰণে দেশত চিৰগড় এক্সপ্ৰেছ ব’ম্বেৰ ভিক্টোৰিয়া টৰ্মিনেল আৰম্ভ কৰে ৷

১৯৮১ চনৰ আজিৰ দিনটোতে মহাকাশ যান কলম্বিয়া প্ৰথমবাৰৰ কাৰণে প্ৰক্ষেপন কৰে ৷

১৯৯৮ চনৰ আজিৰ দিনটোতে গিৰিজা প্ৰসাদ কোইৰালা নেপালৰ প্ৰধানমন্ত্ৰী ৰূপে নিযুক্ত হয়।

২০০৭ চনৰ আজিৰ দিনটোতে পাকিস্তানে ইৰানৰ গেছ পাইপ লাইনক ভাৰতত মঞ্জুৰী দিয়ে ৷

২০১৩ চনৰ আজিৰ দিনটোতে ফান্সৰ ছিনেটে সমলিংগৰ বিবাহক মান্যতা প্ৰদান কৰে ৷

২০১৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গীতিকাৰ গুলজাৰক দাদাচাহেব ফাল্কে বটাঁ প্ৰদান কৰে ।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮৫ চনৰ আজিৰ দিনটোতে ইতিহাসকাৰ ৰাখলদাস বেনাৰ্জীৰ জন্ম হয় ।

১৯১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি নিৰ্দেশক ,নিৰ্মাতা,হিন্দী ছবিৰ গীতিকাৰ কেদাৰ শৰ্মাৰ জন্ম হয় ।

১৯১৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম বীনু মাংকড়ৰ জন্ম হয় ।

১৯৪৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিজ্ঞ তথা ১৬ লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনৰ জন্ম হয় ৷

১৯৩৭ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ গীতটিৰ গুলশ্যন বাবৰা জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১২৩৬ চনৰ আজিৰ দিনটোতে দিল্লীৰ শাসক ইল্তুতমিশ্ৰই ইহলীলা সম্বৰণ কৰে ৷

১৯৭৪ চনৰ আজিৰ সুপ্ৰসিদ্ধ শায়ৰ তাজ ভোপালীৰ মৃত্যু হয় ৷

২০০৬ চনৰ আজিৰ দিনটোতে কন্নড় ছবিৰ অভিনেতা ৰাজকুমাৰৰ মৃত্যু হয়।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com