আজি ১২ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১২ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৪৫৯ চনৰ আজিৰ দিনটোতে যোধপুৰৰ স্থাপনা হৈছিল ৷

১৬৬৬ চনৰ আজিৰ দিনটোতে পুৰন্দৰ সন্ধিৰ সময়ত ছত্ৰপতি শিৱাজী মহাৰাজ ঔৰংগজেৱক সাক্ষাৎ কৰিবলৈ আগ্ৰালৈ যাত্ৰা কৰে ।

১৯১৫ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী ৰাসবিহাৰী বোসে জাপানী নাও সানুকী মাৰুত উঠি ভাৰত এৰে ৷

১৯৬৫ চনৰ আজিৰ দিনটোতে ইজৰাইল আৰু পশ্চিম জাৰ্মানীয়ে ৰাজনৈতিক সম্বন্ধ আৰম্ভ কৰাৰ কাৰণে পত্ৰৰ আদান প্ৰদান কৰে।

২০০৩ চনৰ আজিৰ দিনটোতে চাওদী চহৰ ৰিয়াদত অল কায়দা আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হয়।

২০০৮ চনৰ আজিৰ দিনটোতে চীনত হোৱা এক ভূমিকম্পত ৬৯০০০ জন লোকৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮২০ চনৰ আজিৰ দিনটোতে ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ৷

১৮৫৭ চনৰ আজিৰ দিনটোতে ইংৰাজী বিজ্ঞানী ছাৰ ৰোনাল্ডৰ জন্ম হৈছিল ৷

১৯০৭চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেত্ৰী কেথৰিন হেপবাৰ্নৰ জন্ম হৈছিল ৷

১৮৭৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ দাৰ্শনিক,হিন্দু দৰ্শনৰ ওপৰত অধ্যয়ন কৰা কৃষ্ণাচন্দ ভট্টাচাৰ্যৰ জন্ম হৈছিল ৷

১৮৯৫ চনৰ আজিৰ দিনটোতে এক দাৰ্শনিক তথা আধ্যাত্মিক বিষয়ৰ লেখক জে কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল।

১৯২৬ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ ২১ সংখ্যক ৰাজ্যপাল বীৰেন জে শ্বাহৰ জন্ম হৈছিল।

১৯৮৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহিলা ক্ৰিকেটাৰ শিখা পাণ্ডেৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৯৩ চনৰ আজিৰ দিনটোতে হিন্দী কবি শামশোৰ বহাদূৰ সিঙৰ মৃত্যু হয়।

আজি আন্তৰাষ্ট্ৰীয় নাৰ্চ দিৱস ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com