আজি ১৪ মাৰ্চঃ চাও আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৪ মাৰ্চঃ চাও আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭০২ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ড আৰু ইংলেণ্ডে স্পেইন আৰু ফান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

আজি ইজৰাইল তথা পাৰাগুৱেৰ স্বাধীনতা দিৱস ৷

১৭৯৬ চনৰ আজিৰ দিনটোতে বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ প্ৰয়োগ ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে মহাকাশ ষ্টেশ্যন স্কাইলেব-১ ৰ উৎক্ষেপন ৷

১৯৯২ চনত আজিৰ দিনটোতে ভাৰতত এল টি টি ই নিসিদ্ধ ৷

১৮৭৯ চনৰ আজিৰ দিনটোতে থমাছ এডিশ্যন ইউৰোপীয় এডিশ্যন টেলিফোন কম্পনীৰ লগত সংলগ্ন হয় ৷

১৯৪১ চনৰ আজিৰ দিনটোতে ৩৬০০০ হাজাৰ ইহুডীক গ্ৰেপ্তাৰ হয় ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে কুৱেত সংযুক্ত ৰাষ্ট্ৰৰ ১১১ সংখ্যক সদস্য হয় ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে সৈন্য বাহিনী যোগদান কৰিবলৈ মহিলাসকলৰ সমান অধিকাৰৰ কথা ঘোষণা কৰে ৷

২০০১ চনৰ আজিৰ দিনটোতে ভাৰত আৰু মালেছিয়াৰ মাজত সাতখন বুজাবুজি চুক্তি হয় ৷

২০১০ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ৰুছৰ মাজত প্ৰতিৰক্ষা,পৰমাণু,মহাকাশ,বিজ্ঞান তথা প্ৰাদ্যোগিক,হাইড্ৰ’কাৰ্বন, ব্যৱসায় আদি সন্দৰ্ভত ২২ খন বুজা বুজি চুক্তি হয় ৷

২০১৩ চনৰ আজিৰ দিনটোতে ব্ৰাজীল সমলিংগ বিবাহ মান্যতা দিয়া ১৫ সংখ্যক দেশ হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৬৫৭ চনৰ আজিৰ দিনটোতে শিবাজীৰ জেষ্ঠ্য পুত্ৰ আৰু উত্তৰাধিকাৰী সম্ভাজীৰ জন্ম হয় ।

১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ প্ৰসিদ্ধ নিৰ্মাতা তথা নিৰ্দেশক মৃনাল সেনৰ জন্ম হয় ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে ফেচবুকৰ সংস্থাপক মাৰ্ক জুকাৰবৰ্গৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ এন জী চন্দাবৰকৰৰ মৃত্যু হৈছিল

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com