আজি ১৮ এপ্ৰিলঃ চাঁও আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৮ এপ্ৰিলঃ চাঁও আহক আজিৰ দিনটোৰ  ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬১২ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ বাদশ্বাহ শ্বাহজহাঁ আৰু মুমতাজৰ বিবাহ হয় ৷

১৮৫৩ চনৰ আজিৰ দিনটোতে এছিয়াৰ প্ৰথম ট্ৰেইন মুম্বাইৰ পৰা তন্নালৈকে আৰম্ভ কৰে ৷

১৮৫৭ চনৰ আজিৰ দিনটোতে বিদ্ৰোহৰ নেতা তান্তিয়া টোপেক ফাঁচী দিয়া হয়।

১৯০৬ চনৰ আজিৰ দিনটোতে ফান্সত অহা ভূমিকম্পত প্ৰায় ৪০০০ লোকৰ মৃত্যু হয়।

১৯৪৮ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় গঠন হয় ৷

১৯৭১ চনৰ আজিৰ দিনটোতে সম্ৰাট অশোক নামৰ দেশৰ প্ৰথম জেট বিমান ৭৪৭ মুম্বাইত অৱতৰণ কৰে ৷

১৯৮০ চনৰ আজিৰ দিনটোতে জিম্বাবুৱে ব্ৰিট্টেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঘোষণা কৰে ।

১৯৯১ চনৰ আজিৰ দিনটোতে কেৰেলা ভাৰতৰ প্ৰথম পূৰ্ণ স্বাক্ষৰ ৰাজ্য ঘোষিত হয় ৷

২০০১ চনৰ আজিৰ দিনটোতে ভাৰতীয় সীমা অতিক্ৰম কৰা বাংলাদেশী সেনাৰ লগত হোৱা সংঘৰ্ষত ১৬ জন সেনা জোৱান শ্বহীদ হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰত আৰু মেক্সিক’ত নাগৰিক উন্নতি আৰু বিকাশৰ ক্ষেত্ৰত বুজা বুজি চুক্তি হয় ।

২০১৩ চনৰ আজিৰ দিনটোতে ইৰাকৰ ৰাজধানী বাগদাদত হোৱা বিষ্ফোৰণত ২৭ জন লোকৰ মৃত্যু হয় আৰু ৬৫ জন লোকৰ আহত হয়।

২০১৪ চনৰ আজিৰ দিনটোতে মাউন্ট এভাৰেষ্টত হোৱা হিমাস্খলনত নেপালৰ ১২ জন পৰ্বতাৰোহীৰ মৃত্যু হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৬২১ চনৰ আজিৰ দিনটোতে শিখসকলৰ গুৰু টেগ বাহাদূৰৰ জন্ম হয় ।

১৮৫৮ চনৰ আজিৰ দিনটোতে আধুনিক ভাৰতৰ সমাজ সংস্কাৰক কেশৱ কৰ্বৰ জন্ম হয় ৷

ভাৰতৰ ৰাজনীতিজ্ঞ চন্দ্ৰশেখৰ প্ৰসাদ নাৰায়ন সিঙৰ জন্ম হয় ১৯০১ চনৰ আজিৰ দিনটোতে ৷

হিন্দী ছবি জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী ললিতা পৱাৰৰ জন্ম হয় ১৯১৬ চনৰ আজিৰ দিনটোতে ৷

বলীউডৰ অভিনেত্ৰী পুনম ঢিল্লোৰ জন্ম হয় ১৯৬১ চনৰ আজিৰ দিনটোতে ৷

১৯২৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিনেমাৰ প্ৰসিদ্ধ অভিনেত্ৰী টুলাৰীৰ জন্ম হয় ।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮৯৮ চনৰ আজিৰ দিনটোতে বীৰ পুৰুষ স্বাধীনতা সংগ্ৰামীনেতা অমৰ শ্বহীদৰ ভিতৰত এজন দামোদৰ হৰি চাপেকাৰৰ মৃত্যু হয়।

১৯৫৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বৈজ্ঞানিক এলবাৰ্ট আইনাষ্টাইনৰ মৃত্যু হয় ৷

১৯৭২ চনৰ আজিৰ দিনটোতে মহান ভাৰতীয় সংস্কৃতজ্ঞ আৰু বিদ্ধান পণ্ডিত পাণ্ডৰংগ বামন কাণেৰ মৃত্যু হয় ৷

২০০৩ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ মুখ্য তথা উৎকৃষ্ট লেখক আৰু সমাজ সংস্কাৰক পাণ্ডেয়ৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com