আজি ১৮ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৮ ফ্ৰেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৮১৩ চনৰ আজিৰ দিনটোতে ফান্সৰ বিৰুদ্ধে প্ৰশিয়াই যুদ্ধ ঘোষণা কৰে ৷

১৮৭৮ চনৰ আজিৰ দিনটোতে সেন ফ্ৰান্সিছ চহৰত প্ৰথমবাৰ টেলীফোন এক্সচেঞ্চ আৰম্ভ হয় ৷

১৮৮২ চনৰ আজিৰ দিনটোতে চিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰথম টেষ্ট মেছ খেলে ৷

১৯৩১ চনৰ আজিৰ দিনটোতে বায়সৰায় নিবাসত লৰ্ড ইৰবিনে গান্ধীজীক স্বাগতম জনায় ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ সাপ্তাহিক পত্ৰিকা নিউজবেক প্ৰকাশিত হয় ৷

১৯৩৪ চনৰ আজিৰ দিনটোতে পৰ্বত আৰোহনৰ সময়ত বেলজিয়ামৰ এলবাৰ্ট প্ৰথমৰ মৃত্যু হয়।

১৯৪৭ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘত ভয়চ অফ আমেৰিকাৰ প্ৰচাৰণ আৰম্ভ হয় ৷

১৯৬২ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ হোৱাত বিধ্বংসী প্ৰলয়ত প্ৰায় ৩০০ লোকৰ মৃত্যু হয় ৷

১৯৭২ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ সংসদে ইউৰোপীয় সমুদায়ত একেলগ হোৱাৰ প্ৰস্তাৱ দিয়ে ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে মকাওয়ে সংবিধান অংগীকাৰ কৰে ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে চীনৰ সেনাই ভিয়েটনামত আক্ৰমণ কৰে ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডে সংবিধানক অংগীকাৰ কৰে ৷

২০০৪ চনৰ আজিৰ দিনটোতে ফুলনদেৱী হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত শমশ্যেৰ সিং ৰাণা তিহাৰ জেলৰ পৰা পলাই যায় ৷

২০০৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ লেখিকা তচলিমা নাচৰিনে ভাৰতীয় নাগৰিকত্ব বিচাৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বিদেশ মন্ত্ৰী হিলাৰী ক্লিন্টনে ইৰাকৰ পৰা সৈনিক সকলক পুনৰ ঘুৰাই অনাৰ কথা ঘোষণা কৰে ৷

২০০৮ চনৰ আজিৰ দিনটোতে অনিল আম্বানী গ্ৰুপে ৰিলায়েন্স পাৱাৰৰ সকলো নন প্ৰমোটৰ শ্বেয়াৰ ধাৰকসকলক বিনামূল্যে শ্বেয়াৰ দিয়াৰ কাৰণে ঘোষণা কৰে ৷

২০১৪ চনৰ আজিৰ দিনটোতে নিৰ্বাচন আয়োগে অন্তিম নিৰ্বাচনৰ ভোটদান শেষ হোৱা পৰ্য্যন্ত এগজিট প’লৰ প্ৰচাৰণত প্ৰতিবন্ধকতা লগায় ৷

২০১৪ চনৰ আজিৰ দিনটোতে চাওদী আৰবৰ চোমায়া জিবাৰ্টীক দেশৰ প্ৰথম মহিলা মুখ্য সম্পাদক হিচাপে নিযুক্তি দিয়ে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮১ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিশিষ্ট নিৱন্ধকাৰৰ এজন পূৰ্ণ সিংহৰ জন্ম হৈছিল ৷

১৮৯৯ চনৰ আজিৰ দিনটোতে বাংলা ভাষাৰ প্ৰসিদ্ধ কবি আৰু লেখক জীৱনানন্দ দাসৰ জন্ম হৈছিল ৷

১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতি আৰু ভাৰতৰ নৱগঠিত ২৯ তম ৰাজ্য তেলেংগনাৰ প্ৰথম মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাওৰ জন্ম হয় ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাজ্য আমেৰিকাৰ উদ্যোগপতি মাইকেল জৰ্ডনৰ জন্ম হৈছিল ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতৰ অভিনেত্ৰী সদা মহম্মদ চেয়দৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা:

১৯৪৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম উপ গৰ্বণৰ জেম্ছ ব্ৰেড টেলৰৰ মৃত্যু হয় ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজধানীজ্ঞ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৈলাশ নাথ কাটজুৰ মৃত্যু হয় ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় দাৰ্শনিক জিষ্ণু কৃষ্ণমূৰ্তি য়ে ইহলীলা সম্বৰণ কৰে ৷

১৯৮৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী সেনানী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰে ইহলীলা সম্বৰণ কৰে ৷

১৯৯৪ চনৰ আজিৰ দিনটোতে গুজৰাটৰ মুখ্যমন্ত্ৰী চিমনভাই পেটেলৰ মৃত্যু হয় ৷

২০০৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ আৰু পত্ৰকাৰ পণ্ডিত সীতাৰাম চতুৰ্বেদীয়ে ইহলীলা সম্বৰণ কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে বয়োবৃদ্ধ গান্ধীবাদী শ্ৰীমতী অৰুণাবেন দেসাইৰ গুজৰাটত মৃত্যু হয় ৷

২০১৭ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ উপন্যাসকাৰ বেদ প্ৰকাশ শৰ্মাৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com