আজি ১৯ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৯ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৯২ চনৰ আজিৰ দিনটোতে ৰুছী সেনা প’লেণ্ডত দাখিল হয় ৷

১৮৪৮ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথম ডিপাৰ্টমেন্টেল ষ্টৰ মুকলি হয় ৷

১৮৯২ চনৰ আজিৰ দিনটোতে বহুচৰ্চিত নাট্যকাৰ আৰু কবি ৱাইল্ড জেলৰ পৰা মুকলি হয়।

১৯০০ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ সেই সময়ৰ সকলোতকৈ বৃহৎ সুৰংগ চিপলন যাত্ৰীসকলৰ কাৰণে মুকলি হয়।

১৯৩০ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত মহিলাসকলক ভোট দিবৰ কাৰণে অধিকাৰ প্ৰাপ্ত কৰে ৷

১৯৩৯ চনৰ আজিৰ দিনটোতে বিট্টেইনে নাজী বিৰোধী চুক্তিত হস্তাক্ষৰ কৰে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে ৰুছে মাৰ্চ -২ ৰ কাৰ্যক্ৰমৰ আৰম্ভ কৰে ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই সোনক আইন মান্যতা দিয়ে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ ব্যক্তি মহেন্দ্ৰ চৌধুৰী ফিজীৰ প্ৰধানমন্ত্ৰী নিযুক্ত হয়।

২০০৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চিনেটত সমগ্ৰ আব্ৰজন সংশোধনী বিধেয়কৰ ওপৰত সহমতি দিয়ে ৷

১৯৪০ চনৰ আজিৰ দিনটোতে শ্ৰমিক সংগঠন ৰাষ্ট্ৰীয় মিল মজদূৰ সংঘৰ প্ৰতিষ্ঠা হয় ৷

১৯৯১ চনৰ আজিৰ দিনটোতে লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন ৷

২০০৬ চনৰ আজিৰ দিনটোতে তৰুণ গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত লয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮১ চনৰ আজিৰ দিনটোতে আধুনিক তুৰ্কীৰ নিৰ্মাতা কমাল অতাতুৰ্কৰ জন্ম হৈছিল ৷

১৯১০ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জন্ম হৈছিল ৷

১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ জন্ম হৈছিল ৷

ইংৰাজী ভাষাৰ প্ৰসিদ্ধ ভাৰতীয় লেখকৰ ভিতৰত অন্যতম ৰস্কিন বৰ্ডৰ জন্ম হৈছিল ১৯৩৪ চনৰ আজিৰ দিনটোতে ৷

কবি,কাহানী লেখক,নাট্যকাৰ,ফিল্ম নিৰ্দেশক আৰু অভিনেতা গিৰীশ কনাৰ্ডৰ জন্ম হয় ১৯৩৪ চনৰ আজিৰ দিনটোতে।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯০৪ চনৰ আজিৰ দিনটোতে টাটাৰ সংস্থাপক জমশেদ জী টাটাৰ মৃত্যু হয় ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে হিন্দীৰ শীৰ্ষ সাহিত্যকাৰ হাজাৰী প্ৰসাদ ত্ৰিবেদীৰ মৃত্যু হয়।

১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তামিল অভিনেত্ৰী তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জানকী ৰামচন্দ্ৰনৰ মৃত্যু হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় নাট্যকাৰ আৰু ৰংগমঞ্চৰ কৰ্মী বিজয় তেণ্ডুলকাৰৰ নিধন হয়।

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com