আজি ১ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১ মেঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷ আজি মে দিৱস। প্ৰথমতে সকলোলৈকে মে অৰ্থাৎ শ্ৰমিক দিৱসৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছো আজিৰ দিনটোৰ ইতিহাস ।

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮৪০ চনৰ আজিৰ দিনটোতে ইউনাইটেদ কিংডমে প্ৰথম আধিকাৰিক ডাক টিকট মুকলি কৰে।

১৮৫১ চনৰ আজিৰ দিনটোতে ৰানী ভিক্টোৰিয়াই লণ্ডনত মহাপ্ৰদৰ্শনীৰ উদঘাটন কৰে ।

১৮৯৭ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিশ্যনৰ স্থাপনা কৰে।

১৯৬০ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰক ৰাজ্য হিচাপে ঘোষণা কৰে ৷

১৯৭২ চনৰ আজিৰ দিনটোতে দেশৰ কয়লা খনিক ৰাষ্ট্ৰীয় কৰণ কৰে ৷

১৯৭৭ চনৰ আজিৰ দিনটোতে ইনস্তানবুলৰ এক সমাৰোহত প্ৰায় ৩৬ জন লোকৰ মৃত্যু হয় ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণসিংঘ প্ৰেমদাস এক বোমা বিষ্ফোৰণত মৃত্যু হয় ।

১৯৯৯ চনৰ আজিৰ দিনটোতে নেপালত মৃত্যু দণ্ডৰ শাস্তি সমাপ্ত হয় ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে মিৰয়া ম’স্কোস’ পানামাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হয়।

২০০৪ চনৰ আজিৰ দিনটোতে মাৰেকা বেল্কা প’লেণ্ডৰ ৰাষ্ট্ৰপতি হয়।

২০০৪ চনৰ আজিৰ দিনটোতে ইউৰোপীয় সংঘ ১০ খন নতুন ৰাষ্ট্ৰত অন্তৰ্ভুক্ত হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ইলাহাবাদ উচ্চ ন্যায়ালয়ত সাতজন ন্যায়াধীশক নিযুক্তি দিয়ে ৷

২০১১ চনৰ আজিৰ দিনটোতে বৰাক অ’বামাই ওচামা বিন লাডেনক হত্যা কৰে।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১০ চনৰ আজিৰ দিনটোতে বৰিষ্ঠ প্ৰশাসনিক বিষয়া তথা কেৰালাৰ আৰু মধ্য প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল নিৰঞ্জন নাথ বাসুৰ জন্ম হয়।

১৯১৩ চনৰ আজিৰ দিনটোতে বলৰাজ চাহানীৰ জন্ম হয় ৷

১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় গায়ক মান্না ডেৰ জন্ম হয়।

১৯২৭ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ কবি তথা সমকালীন আলোচক নামবৰ সিঙা জন্ম হৈছিল ৷

১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ এচ এম কৃষ্ণৰ জন্ম হৈছিল ৷

১৯৫১ চনা আজিৰ দিনটোতে সমাজ সংস্কাৰক ৰমেশ ভাইৰ জন্ম হৈছিল।

১৯৮৭ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ টেনিছ খেলুৱৈ চহৰ পীৰৰ জন্ম হৈছিল।

ভাৰতীয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ জন্ম হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০০৮ চনৰ আজিৰ দিনটোতে গান্ধীবাদী বিচাৰধাৰাৰ লগত জৰিত প্ৰসিদ্ধ মহিলা সামাজিক কাৰ্যকৰ্তা নিৰ্মলা দেশপাণ্ডেৰ মৃত্যু হয় ।

২০০৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰসিদ্ধ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মধ্য প্ৰদেশৰ ৰাজ্যপাল ৰাম প্ৰকাশ গুপ্তাৰ মৃত্য হয়।

১৯৮৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী প্ৰফুল্লচন্দ চাকীৰ নিধন হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com