আজি ২১ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২১ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৪৫১ চনৰ আজিৰ দিনটোতে লোদী ৰাজবংশৰ প্ৰতিষ্ঠাপক বহলোল লোদীৰ দিল্লীৰ শাসক হয়।

মোগল সাম্ৰাজ্যৰ শাসক বাবৰ আৰু ইব্ৰাহীম লোদীৰ মাজত ১৫২৬ চনত পানীপতৰ যুদ্ধত ইব্ৰাহীম লোডীৰ মৃত্যু হয় ৷

ফান্স আৰু ইংলেণ্ডৰ মাজত ১৫৭২ চনত স্পেইনৰ বিৰোদ্ধে সৈন্য বুজাবুজি চুক্তি হয়।

১৬৫৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ড আৰু চুইডেনৰ মাজত ব্যৱসায়িক হস্তাক্ষৰ হয় ।

১৭২০ চনৰ আজিৰ দিনটোতে বাজীৰাও প্ৰথম পেশৱা বালাজী বিশ্বনাথৰ উত্তৰাধিকাৰী হয় ।

১৭৩৯ চনৰ আজিৰ দিনটোতে স্পেইন আৰু অষ্ট্ৰিয়াৰ মাজত শান্তি বুজাবুজি চুক্তি হয় ৷

১৭৮২ চনৰ আজিৰ দিনটোতে বেংকক চহৰৰ স্থাপন হয়।

১৯৩৮ চনৰ আজিৰ দিনটোতে উৰ্দু ভাষাৰ প্ৰসিদ্ধ শায়ৰ মহম্মদ ইকবালৰ পাকিস্তানৰ লাহোৰত মৃত্যু হয়।

১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰাজিলিয়া ব্ৰাজিলৰ ৰাজধানী হয় ।

১৯৮৭ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত হোৱা বোমা বিস্ফোৰণত অধিক লোকৰ মৃত্যু হয় ।

২০০৪ চনৰ আজিৰ দিনটোতে বছৰাত হোৱা মিছাইল আক্ৰমণত ৮৬ লোকৰ মৃত্যু হয় ৷

ব্ৰায়ান লাৰাই ২০০৭ চনত ক্ৰিকেটৰ এক দিবসীয় পৰা সন্নাহ লয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৬৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ জাৰ্মান দাৰ্শনিক তথা ইতিহাসকাৰ মেক্স বেৱৰ জন্ম হয় ৷

১৮৯১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰিজাৰ্ব বেংকৰ প্ৰথম উপ গৰ্বণৰ জেম্ছ ব্ৰেড টেলৰৰ জন্ম হৈছিল ৷

১৯২৪ চনৰ আজিৰ দিনটোতে অৰ্জুন পুৰস্কাৰেৰে সন্মানিত ভাৰতৰ প্ৰথম বিজয়ী কৰ্ণী সিঙৰ জন্ম হয়।

১৯২৬ চনৰ আজিৰ দিনটোতে মহাৰাণী এলিজাবেথ দ্বিতীয়ৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৩৮ চনৰ আজিৰ দিনটোতে "সাৰে জহাঁ ছে অচ্ছা"ৰ লিখক কবি মহম্মদ ইকবালৰ মৃত্যু হৈছিল ৷

মানৱ কম্পিউটাৰ শকুন্তলা দেৱীৰ ২০১৩ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল ৷

২০১৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ তথা ৰাষ্ট্ৰীয় কংগ্ৰেছৰ বৰিষ্ঠ নেতা জানকী বল্লভ পাটনায়কৰ মৃত্যু হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com