আজি ২৪ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৪ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮১৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই প্ৰথম আৰু সকলোতকৈ শক্তিশালী আৰক্ষী বেটালিয়ন বুলি মানি লোৱা গোৰখা ৰেজীমেন্টে ২০০ বছৰ সম্পূৰ্ণ কৰে ৷

১৮৭৭ চনৰ আজিৰ দিনটোতে অ’ট’মন সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে গুৱাহাটীলৈ ব্ৰডগজ ৰেল চলাচল আৰম্ভ হয় ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে অসম গণ পৰিষদৰ জন্ম হয় ৷

১৮৯৮ চনৰ আজিৰ দিনটোতে স্পেইনে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯১৫ চনৰ আজিৰ দিনটোতে জাৰ্মানী সেনাই বেলজিয়ামৰ ফ্ল’মিস প্ৰান্তৰ আইপৰ ক্ষেত্ৰত ক্ল’ৰ’ফৰ্ম গেছ এৰি দিয়ে ৷

১৯২০ চনৰ আজিৰ দিনটোতে প’লেণ্ডৰ সেনা ইউক্ৰেইনত আক্ৰমণ কৰে ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰ’লিয়া আৰু চোবিয়েত সংঘত ৰাজনৈতিক সম্বন্ধ সমাপ্ত কৰে।

দক্ষিণ এছিয়াত ১৯৬০ চনৰ আজিৰ দিনটোত হোৱা ভয়ংকৰ ভূমিকম্পত প্ৰায় ৫০০ জন লোকৰ মৃত্যু হয়।

১৯৭০ চনৰ আজিৰ দিনটোতে প্ৰথম চাইনীজ চেটেলাইট চেনেল ডাংগ ফাংগ হংগ লঞ্চ কৰা হয় ।

১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াক ছটা উইকেটত পৰাজয় কৰি কোকাকোলা কাপ জয়ী হয়।

২০০২ চনৰ আজিৰ দিনটোতে আজেন্টিনাত বেংকসমূহ অনিদিষ্ট কাললৈ বন্ধ হৈ থাকে ৷

২০১৩ চনৰ আজিৰ দিনটোতে ঢাকাত এটা বিল্ডিং ভাগি পৰি প্ৰায় ১১২৯ জন লোকৰ মৃত্যু হয় আৰু ২৫০০ জন লোক আহত হয়।

২০১৩ চনৰ আজিৰ দিনটোতে আফগানিস্তানত জলালবাদত ৫.৭ তীব্ৰতাত অহা ভূমিকম্পত ৩৩ জন লোকৰ মৃত্যু হয় আৰু ১১৫ জন লোক আহত হয় ।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯২২ চনৰ আজিৰ দিনটোতে ইতালবী ৰাজনেতা সুজান্না অগ্ৰলীৰ জন্ম হয়।

১৯২৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কন্নড় অভিনেতা ৰাজকুমাৰৰ জন্ম হয় ৷

১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবিৰ অভিনেত্ৰী শামীৰ জন্ম হয় ।

১৯৪০ চনৰ আজিৰ দিনটোতে মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল অজীজ কুৰেশীৰ জন্ম হয়।

১৯৫৬ চনৰ আজিৰ দিনটোতে ছত্তীশগড় ৰাজ্যৰ প্ৰথম মহিলা কলাকাৰ আৰু গায়িকা তীজনবাইৰ জন্ম হয় ৷

বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মহান ক্ৰিকেটাৰ শচীন ৰমেশ তেণ্ডুলকাৰৰ জন্ম হৈছিল ১৯৭৩ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৪৪ চনৰ আজিৰ দিনটোতে হিন্দী সংবাদপত্ৰ দৈনিক আজৰ স্থাপক শিৱপ্ৰসাদ গুপ্তৰ মৃত্যু হৈছিল ৷

প্ৰসিদ্ধ লেখক আৰু সাৰ্বজনিক কৰ্মকৰ্তা অন্না চাহেব ভোপটকৰৰ মৃত্যু হৈছিল ৷

ভাৰতৰ প্ৰসিদ্ধ চিত্ৰকাৰ জামিনী ৰায়ৰ মৃত্যু হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ৷

হিন্দী কবি ৰামধাৰী সিংহৰ মৃত্যু হয় ১৯৭৪ চনৰ আজিৰ দিনটোতে ৷

২০০৯ চনৰ আজিৰ দিনটোতে এক যশস্বী লেখক,কবি আৰু বক্তা ৰামচন্দ্ৰ বীৰৰ মৃত্যু হয় ৷

২০১১ চনৰ আজিৰ দিনটোতে আধ্যাত্মিক গুৰুসত্য সাই বাবাই ইহলীলা সম্বৰণ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com