আজি ২৭ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৭ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ  ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৬৮ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ শাসক চালৰ্চ দ্বিতীয়ই ব’ম্বেক ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়ে ৷

স্পেইন আৰু ফ্ৰান্সে ১৭২১ চনৰ আজিৰ দিনটোতে মেড্ৰিড বুজাবুজিত স্বাক্ষৰ কৰে ৷

১৭৯৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে দেশত নৌসেনাৰ স্থাপন কৰাৰ কাৰণে স্কীকৃতি দিয়ে ৷

১৮৪১ চনৰ আজিৰ দিনটোতে ষ্টীম ইঞ্জিনৰ সফল পৰীক্ষণ নিউয়কত হৈছিল ৷

১৮৭১ চনৰ আজিৰ দিনটোতে প্ৰথম আন্তৰাষ্ট্ৰীয় ৰগবী মেছ স্ককলেণ্ড আৰু ইংলেণ্ডৰ মাজত হৈছিল ৷

১৮৮৪ চনৰ আজিৰ দিনটোতে বোষ্টেনৰ পৰা নিউয়কৰ মাজত প্ৰথম বাৰৰ কাৰণে টেলীফোনত বাৰ্তালাপ কৰে।

১৯৪৪ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ লিথুৱনিয়াত প্ৰায় দুই হাজাৰ ইহুদীক হত্যা কৰে ৷

১৯৫৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ চৰকাৰে কমিউনিষ্ঠ সংবাদপত্ৰ ডেইলী ৱৰ্কাৰক জব্দ কৰে ৷

১৯৬১ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম ৰংগমঞ্চ দিৱসৰ আৰম্ভ হয়।

১৯৭৭ চনৰ আজিৰ দিনটোতে টেনেৰীফত বিশ্বৰ সকলোতকৈ ভয়ংকৰ বিমান দুৰ্ঘটনা হয় ৷ য’ত প্ৰায় ৬০০ জন লোকৰ মৃত্যু হয়।

১৯৭৭ চনৰ আজিৰ দিনটোতে ইউৰোপীয়ান ফাইটাৰ এয়াৰ ক্ৰাফ্ট ইউৰো ফাইটাৰে প্ৰথম আকাশত উৰে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে এএফএমএ চৌধুৰী বাংলাদেশৰ ৰাষ্ট্ৰপতি হয়।

১৯৮৯ চনৰ আজিৰ দিনটোতে মহাকাশত আমেৰিকাৰ মিছাইল ৰোধী উপগ্ৰহৰ পৰীক্ষণ বিফল হয়।

২০০৩ চনৰ আজিৰ দিনটোতে ৰুছত এচ -১২ বেলিষ্টক মিছাইলৰ পৰীক্ষণ কৰে।

২০০৮ চনৰ আজিৰ দিনটোতে মহাকাশ যান এণ্ডেবৰ পৃথিৱীত সফলতাপূৰ্বক ভাৱে পদাৰ্পণ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৪৫ চনৰ আজিৰ দিনটোতে জৰ্মানীৰ ভৌতিকশাস্ত্ৰী তথা গনিতজ্ঞ ৱেলহেলম ৰোন্টগনৰ জন্ম হৈছিল৷

আজি দক্ষিণ ভাৰতৰ অভিনেতা ৰামচৰণৰ জন্ম দিন ৷ ১৯৮৫ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল ৰামচৰণে ৷

১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ ৱনৱাৰী লাল জোশীৰ জন্ম হৈছিল ।

১৯৫৪ চনৰ আজিৰ দিনটোতে ফান্সীছ কবি,অনুবাদক আৰু সংবাদ কৰ্মী প্ৰফেচাৰ হেমন্ত জোশীৰ জন্ম হৈছিল ।

১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰাক্তন চোবিয়েত সংঘৰ বিমান চালক আৰু মহাকাশযাত্ৰী য়ুৰী গগাৰীনৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০০০ চনৰ আজিৰ দিনটোতে ভাৰতীয় হিন্দী ছবিৰ অভিনেত্ৰী প্ৰিয়া ৰাজবংশৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com