আজি ২৯ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৯ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৬১ চনৰ আজিৰ দিনটোতে তাইবানৰ ওপৰত চীনৰ মিংগ বংশই অধিকাৰ কৰে ৷

১৯০৩ চনৰ আজিৰ দিনটোতে কানাডাৰ উত্তৰ পশ্চিম প্ৰদেশত হোৱা ভূমিস্খলনত ৭০ জন লোকৰ মৃত্যু হয় ৷

১৯৩৯ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুয়ে কংগ্ৰেছৰ পৰা ইস্তীফা দিয়ে ৷

১৯৬৫ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ মহাকাশ আৰু বায়ুমণ্ডল অনুসন্ধান আয়োগে সাত নম্বৰ ৰকেটৰ সফল প্ৰক্ষেপন কৰে ৷

১৯৭৮ চনৰ আজিৰ দিনটোতে আফগানিস্তানৰ বিদ্ৰোহী গোটে ঘোষণা কৰে যে তেওঁলোকে আফগানিস্তানৰ ওপৰত অধিকাৰ কৰে ৷

১৯৯১ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ ছটগাঁৱত অহা বিধ্বংসী বতাহত ১ লাখ ৩৮ হাজাৰ লোকৰ মৃত্যু হয় ৷ আৰু দহ লাখ লোক গৃহহীন হয় ৷

১৯৯৭ চনৰ আজিৰ দিনটোতে ৰাসায়নিক অস্ত্ৰ শস্ত্ৰৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে শিশুসকলক কৰা যৌন আতিশয্যৰ ওপৰত এখন বিধেয়ক জাপানৰ সংসদত মঞ্জুৰী দিয়ে ৷

২০০৬ চনৰ আজিৰ দিনটোতে পাকিস্তানে হফ্ত ৬ ক পৰীক্ষণ কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই তৃতীয় বাৰৰ কাৰণে বিশ্ব কাপ জয়ী হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ইৰানৰ ৰাষ্ট্ৰপতি মহম্মদ আহমদী নেজাদ এক সংক্ষিপ্ত যাত্ৰাত ভাৰতলৈ যাত্ৰা কৰে ৷

২০১১ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিশ ৰাজকুমাৰ প্ৰিন্স উইলিয়াম আৰু কেট মিডলটন বিবাহ হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৫৪৭ চনৰ আজিৰ দিনটোতে মেৱাড়ৰ ৰজা মহাৰাণা প্ৰতাপৰ সহযোগী আৰু বিশ্বাসভাজন ভামাশ্বাহৰ জন্ম হৈছিল ৷

১৮৪৮ চনৰ আজিৰ দিনটোতে সুপ্ৰসিদ্ধ চিত্ৰকাৰ ৰাজা ৰবি বৰ্মাৰ জন্ম হয়।

১৯১৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় খেলুৱৈ আল্লা ৰাখাৰ জন্ম হয়।

১৯৩৬ চনৰ আজিৰ দিনটোতে পশ্চিমীয় শাস্ত্ৰীয় সংগীতৰ ভাৰতীয় লোক জুবিন মেহতাৰ জন্ম হয় ।

১৯৩৮ চনৰ আজিৰ দিনটোতে এক ৰাজনেতাৰ ৰূপত ভাৰতীয় দশম, একাদশ,দ্বাদশ,ত্ৰয়োদশ লোকসভা সাংসদৰ সদস্য ই আহমদৰ জন্ম হৈছিল ৷

১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ইতিহাসকাৰ আৰু লেখক ৰামচন্দ্ৰ গুহৰ জন্ম হৈছিল ৷

টেনিছ খেলুৱৈ আন্দ্ৰে আগাসীৰ জন্ম হৈছিল ১৯৭০ চনৰ আজিৰ দিনটোতে ৷

১৯৭৯ ভাৰতীয় ক্ৰিকেটাৰ আশীষ নেহৰাৰ জন্ম হৈছিল।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১২৩৬ চনৰ আজিৰ দিনটোতে দিল্লী এখন মুখ্য শাসক ইলতুৎমিশৰ নিধন হয় ।

১৯৫৮ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ প্ৰসিদ্ধ নেতা তথা গান্ধীবাদী কাৰ্যকৰ্তা গোপবন্ধু চৌধুৰীৰ নিধন হয় ৷

১৯৬০ আজিৰ দিনটোতে হিন্দীৰ কবি,গদ্যকাৰ আৰু অদ্বিতীয় বক্তা বালকৃষ্ণ শৰ্মা নবীনৰ মৃতযু হয়।

১৯৭৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দেশভক্ত ,সংবাদ দাতা আৰু সমাজ সুধাৰক ৰাজা মহেন্দ্ৰ প্ৰতাপৰ মৃত্যু হয় ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি নিৰ্দেশক,নিৰ্মাতা,লেখক আৰু হিন্দী ছবিৰ গীতকাৰ কেদাৰ শৰ্মাৰ মৃত্যু হয়।

২০১০ চনৰ আজিৰ দিনটোতে গায়ত্ৰী মণ্ডল ৰ সংস্থাপক সদস্যা তথা সমাজ সেৱিকা কমলাদেৱীৰ মৃত্যু হয় ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com