আজি ৩০ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোতে ইতিহাস

আজি ৩০ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোতে ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫৯৮ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম বাৰৰ কাৰণে থিয়েটাৰৰ আয়োজন কৰে ৷

১৫৬৩ চনৰ আজিৰ দিনটোতে ইহুদীসকলক ফান্সৰ পৰা অব্যাহতি লয় ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে জৰ্জ ৱাশ্বিংটন প্ৰথমে সৰ্বসন্মতি ক্ৰমে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হয় ।

১৮৬৩ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতীয় নৌসৈনিকক ব্ৰিট্টিছ নৌসেনালৈ নিয়ে ৷

১৮৬৪ চনৰ আজিৰ দিনটোতে নিউয়ৰ্ক আমেৰিকাৰ এনে এক ৰাজ্য হয়,য’ত চিকাৰৰ কাৰণে লাইচেন্সৰ ফীজ ৰ ব্যৱস্থা কৰে।

১৯৪৫ চনৰ আজিৰ দিনটোতে হিটলাৰ তথা তেওঁৰ পত্নী ইবা ব্ৰাউনে আত্মহত্যা কৰে ।

১৯৫৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আৰু চিনেটৰ এলবেন বাৰ্কলী বৰ্জেনিয়াত দিয়া ভাষণৰ সময়ত মৃত্যু হয়।

১৯৭৫ চনৰ আজিৰ দিনটোতে ভিয়েটনাম যুদ্ধৰ অন্ত পৰে।

১৯৯১ চনৰ আজিৰ দিনটোতে আন্দামানত জ্বালামুখী সক্ৰিয় হয়।

১৯৮৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰ্বতাৰোহী ৰিচাৰ্ড ডিক বস মাউন্ট এভাৰেষ্টত আৰোহন কৰে আটাইতকৈ বেছি বয়সৰ ব্যক্তি ৰূপে পৰিগণিত হয় ।

২০০২ চনৰ আজিৰ দিনটোতে পাকিস্তানত ৰাষ্ট্ৰপতি পাৰৱেজ মুশ্বাৰফে অনাগত পাঁচ বছৰত কাৰ্যকাল বৃদ্ধিৰ কাৰণে জনমত সংগ্ৰহ কৰে ।

২০০৭ চনৰ আজিৰ দিনটোতে নেত্ৰহীন পাইলট মাইল্স হিল্টনে বিমানৰ দ্বাৰা বিশ্বৰ অধিকাংশ ঠাই ঘুৰি ৰেকৰ্ড তৈয়াৰ কৰে।

২০১৩ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডৰ মহাৰাণী বীটিক্সয়ে পদৰ পৰা অব্যাহতি লয়। আৰু উইলিয়াম আলেকণ্ডাৰ নেডাৰলেণ্ডৰ ৰজা লয়।

২০১৭ চনৰ আজিৰ দিনটোতে নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কীৰ ওপৰত মহাভিযোগৰ প্ৰস্তাৱ আনে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৯৬ চনৰ আজিৰ দিনটোতে আধ্যাত্মিক গুৰু মা আনন্দময়ীৰ জন্ম হয়।

১৯৪৯ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰ সংঘৰ মহাসচিব এন্টোনিয়া গুটেৰিছৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ফাতিমা বীবীৰ জন্ম হৈছিল।

১৮৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা নিৰ্দেশক তথা পটকথা লেখক দাদা চাহেবে ফালকেৰ জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১০৩০ চনৰ আজিৰ দিনটোতে গজনীৰ চুলতান মাহমুদৰ মৃত্যু হয়।

১৮৩৬ চনৰ আজিৰ মহাৰাজ ৰনজীত সিংহৰ সেনাধক্ষ্য হৰি সিং নলবাৰ মৃত্যু হয়।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com