আজি ৪ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৪ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৮৩৭ চনৰ আজিৰ দিনটোতে কানাডাত নাগৰিকসকলে ভোট দিয়াৰ অধিকাৰ লাভ কৰে ৷

১৮৫৫ চনৰ আজি দিনটোতে কলকাতাৰ পৰা আগ্ৰাৰ মাজত প্ৰথম বাৰৰ কাৰণে টেলীগ্ৰাফৰ দ্বাৰা বাতৰি প্ৰেৰণ কৰা হয় ।

১৮৫৫ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ কেবিনেট মিশ্যন ভাৰতলৈ আহে ৷

১৮৮২ চনৰ আজিৰ দিনটোতে মাৰাত্মক টিবি অসুখক চিনাক্ত কৰা হয় ৷টিবিক চিনাক্ত কৰা বৈজ্ঞানিক সকলক ন’বেল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।

১৮৮৩ চনৰ আজিৰ দিনটোতে জাপান আৰু চিকাগ’ৰ মাজত টেলীফ’নিক বাৰ্তালাপ লয়।

১৯৩২ চনৰ আজিৰ দিনটোতে আমেৰিকাত চলন্ত ৰেলত প্ৰথমবাৰৰ কাৰণে ৰেডিঅ’ৰ প্ৰচাৰণ হয়।

১৯৭৭ চনৰ আজিৰ দিনটোতে মোৰাৰজী দেশাই ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হয় ৷তেওঁ কেন্দ্ৰত প্ৰথমবাৰ কংগ্ৰেছ চৰকাৰ স্থাপন কৰে ৷

১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই শ্ৰীলংকা এৰি স্বদেশলৈ উভতে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে এজাৰ ৱীজমেন ইজৰাইলৰ ৰাষ্ট্ৰপতি হয় ৷

পী এন ভাগৱতী ১৯৯৯ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাৰৰ কাৰণে সংযুক্ত ৰাষ্ট্ৰ মানৱধিকাৰ সমিতিৰ উপাধ্যক্ষ হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ভূটান গণতান্ত্ৰিক দেশ হিছাপে নিৰ্বাচিত হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭৭৫ চনৰ আজিৰ দিনটোতে সংগীতকাৰ আৰু কবি মৃথুস্বামী দীক্ষিতে জন্ম লাভ কৰে ৷

১৮৬৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ৰাজনেতা আৰু অধিবক্তা সত্যেন্দ্ৰ সিন্হাৰ জন্ম হৈছিল ৷

ভাৰতৰ প্ৰসিদ্ধ সাহিত্যকাৰ তথা ৰাষ্ট্ৰসেৱী হৰিভাউ উপাধ্যায় জন্ম হৈছিল ১৮৯২ চনৰ আজিৰ দিনটোতে৷

১৯৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ফুলবল খেলুৱৈ পেয়টন মেনিংগৰ জন্ম হৈছিল ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা ইমৰান হাছমীৰ জন্ম হৈছিল ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় হকী খেলুৱৈ এড্ৰিয়েন ডিছুজাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৫৩ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনৰ মহাৰাণীৰ আইতাক মহাৰানী মেৰীয়ে ইহলীলা সম্বৰণ কৰে ৷

১৬০৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ মহাৰাণী এলিজাবেথ প্ৰথমৰ মৃত্যু হয় ৷

আজি গ্ৰামীণ ডাক জীৱন বীমা দিৱস

আজি বিশ্ব টি বি দিৱস ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com