আজি ৫ মেঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি  ৫ মেঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১২৬০ চনত কুবলাই খাঁ মোগল সাম্ৰাজ্যৰ ৰজা হয়।

১৭৬২ চনৰ আজিৰ দিনটোতে ৰুছে পীটৰ্চবৰ্গ শান্তি বুজা বুজি চুক্তিত হস্তাক্ষৰ কৰে ৷

১৮৩৬ চনৰ আজিৰ দিনটোতে বেলজিয়ামত ইউৰোপত প্ৰথম ৰেল লাইন আৰম্ভ হয়।

১৮৮৩ চনৰ আজিৰ দিনটোতে সুৰেন্দ্ৰ নাথ বেনাৰ্জী জেইল যোৱা প্ৰথম সংবাদাতা হয়।

১৯১৯ চনৰ আজিৰ দিনটোতে পেৰিছত ৰেডক্ৰছ চ’চাইটীৰ স্থাপনা হয়।

১৯৩২ চনৰ আজিৰ দিনটোতে জাপান আৰু চীনে শান্তি চুক্তিত হস্তাক্ষৰ কৰে ৷

১৯৪৪ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধী জেলৰ পৰা মুক্তি পায় ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতত ঝাৰখণ্ড দলৰ স্থাপনা হয়।

১৯৫১ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনত খেলিব পৰা কম্পিউটাৰ নিৰ্মাণ কৰে ৷

১৯৬১ চনৰ আজিৰ দিনটোতে কমাণ্ডৰ এলন শফৰ্ড মহাকাশলৈ যাত্ৰা কৰা প্ৰথম আমেৰিকান হয়।

১৯৮৮ চনৰ আজিৰ দিনটোতে এভাৰেষ্টৰ শৃংগৰ পৰা টেলিভিশ্যন প্ৰসাৰণ কৰা কৰে ৷

২০০৫ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনত লেবাৰ পাৰ্টিৰ নেতা ট’নী ব্লেয়াৰ তৃতীয় বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে পদ্ম বিভূষণ পণ্ডিত কিশান মহাৰাজৰ অন্তিম সংস্কাৰ সম্পন্ন হয়।

২০১৭ চনৰ আজিৰ দিনটোতে দক্ষিণ এছিয়া চেটেলাইট ইছ’ৰোয়ে সফলতাপূৰ্বক ভাৱে লন্স কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৪৭৯ চনৰ আজিৰ দিনটোতে শিখসকলৰ তৃতীয় গুৰু অমৰ দাসৰ জন্ম হৈছিল ৷

১৮১৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ জাৰ্মান দাৰ্শনিক,অৰ্থশাস্ত্ৰী আৰু বৈজ্ঞানিক কাৰ্ল মাক্সৰ জন্ম হয়।

১৯১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ্ঞানী জেল সিঙৰ জন্ম হয়।

১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন স্বাধীনতা সংগ্ৰামীসকলৰ নেতা আব্দুল হামীদ কেচৰৰ জন্ম হয়।

১৯৩৭'চনৰ আজিৰ দিনটোতে পৰমবীৰ চক্ৰৰে সন্মানিত ভাৰতীয় সৈনিক মেজৰ হোশিয়াৰ সিঙৰ জন্ম হৈছিল ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক নেতা মনোহৰ লাল খট্টৰৰ জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮২১ চনৰ আজিৰ দিনটোতে ৰাজনৈতিক নেতা নেপ’লিয়ন বোনাপাৰ্ট মৃত্যু হয়।

গণিতজ্ঞ,হিন্দী বিশ্ব কোষৰ সম্পাদক তথা হিন্দী সাহিত্যিক গোৰখ প্ৰসাদৰ মৃত্যু হয়।

২০০৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতকাৰ নৌশাদ আলীৰ মৃত্যু হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে ডিস্পোজেল চীৰিজৰ আৱিস্কাৰ নিউজিলেণ্ডৰ কোলিন মাৰ্ডোক মৃত্যু হয়।

২০১৭ চনৰ আজিৰ দিনটোতে ভাৰতত উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ লীলা শেঠৰ নিধন হয়।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com