আজি ৭ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৭ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৭৪ চনৰ আজিৰ দিনটোতে বিট্ৰেইনে বোষ্টন পোৰ্টৰ সকলো বাণিজ্যিক কৰ্মক বন্ধ কৰি দিয়ে ৷

১৮৩৫ চনৰ আজিৰ দিনটোতে ভাৰতত ইউৰোপীয় সাহিত্য আৰু বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰক সম্প্ৰসাৰিত কৰিবলৈ প্ৰস্তাৱ লয় ।

১৮৭৫ চনৰ আজিৰ দিনটোতে আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলীগ্ৰাফৰ আৱিস্কাৰ কৰিছিল ৷

১৯০৬ চনৰ আজিৰ দিনটোতে ফিনলেণ্ডত মহিলা সকলে ভোট দিয়াৰ অধিকাৰ লাভ কৰে।

প্ৰসিদ্ধ হিন্দী লেখক সচ্চিনান্দ হীৰানন্দ বাস্তায়ন অজ্ঞেয়ৰ জন্ম হৈছিল উত্তৰ প্ৰদেশত ১৯১১ চনৰ আজিৰ দিনটোতে ৷

১৯১৮ চনৰ আজিৰ দিনটোতে ফিনলেণ্ডে জাৰ্মানীৰ লগত মৈত্ৰী বুজাবুজিত স্বাক্ষৰিত কৰে ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাৰ সেনাই জাৰ্মানীৰ ৰাইন নদী অতিক্ৰম কৰে ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পাইলট মেল্বিন সী গাৰ্লৱে জেট বিমানৰ দ্বাৰা এক লাখ দুৰ অতিক্ৰম কৰা প্ৰথম পাইলট হিচাপে সন্মান পায় ৷

১৯৬৯ চনত ইজৰাইলে ৭০ বছৰীয়া গোল্ডা মেয়ৰক প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তান সন্তাসবাদৰ ওপৰত তদন্ত কৰিবলৈ সাজু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৭৮ চনৰ আজিৰ দিনটোতে ৰুছী চিত্ৰকাৰ বোৰিছ কুস্তীদীৱৰ জন্ম হৈছিল ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ গুলাম নবী আজাদৰ জন্ম হৈছিল ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা অনুপম খেৰৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০১২ চনৰ আজিৰ দিনটোতে হিন্দী ছবি জগতৰ প্ৰসিদ্ধ সংগীতকাৰ ৰবি ,তেওঁ এই পৃথিৱীৰ পৰা মেলানি মাগে ৷

১৯৫২ চনৰ আজিৰ দিনটোতে ভাৰতীয় গুৰু পৰমহংস য়োগানন্দ জীয়ে ইহলীলা সম্বৰণ কৰে ৷

১৯৬১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ স্বাধীনতা সেনানী আৰু বৰিষ্ঠ নেতা গোৱিন্দ বল্লভ পন্তই ইহলীলা সম্বৰণ কৰে ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ছবি নিৰ্দেশক ষ্টেনলী ক্যিউবিকে ইহলীলা সম্বৰণ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com