আজি ৯ মে : চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৯ মে :  চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫৭৬ চনৰ আজিৰ দিনটোতে মহাৰানা প্ৰতাপ আৰু আকবৰৰ মাজত হল্দী ঘাটীৰ যুদ্ধ হয়।

১৫৮৮ চনৰ আজিৰ দিনটোতে ড্যিয়ুক হেনৰী দ্যই পেৰিছ অধিকাৰ কৰে ৷

১৬৫৩ চনৰ আজিৰ দিনটোতে বিশ্ববিখ্যাত ঐতিহাসিক তাজমহলৰ নিৰ্মাণ ২২ বছৰৰ পৰিশ্ৰমৰ পিছত সম্পূৰ্ণ হয় ৷

১৮১২ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু ব্ৰিট্টেইনৰ মাজত যুদ্ধ আৰম্ভ হয়।

১৯৪৭ চনৰ আজিৰ দিনটোতে বিশ্ব বেংকে নিজৰ প্ৰথম ঋণ ফান্সক দিয়ে ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু চোবিয়েত সংঘৰ মাজত অস্ত্ৰ শস্ত্ৰৰ নিয়ন্ত্ৰণৰ বুজা বুজি চুক্তি হয় ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আমেৰিকাৰ দেশ ইক্কাড’ৰত নাম্বিজা ক্ষেত্ৰত হোৱা ভূমিস্খলনত তিনিশ লোকৰ মৃত্যু হয়।

২০০২ চনৰ আজিৰ দিনটোতে কৰাছী বিষ্ফোৰণত পাকিস্তান জৰিত থকাৰ সন্দেহ কৰে ৷

২০০৩ চনৰ আজিৰ দিনটোতে গুগলে ইন্টাৰনেট প্ৰ’গ্ৰেম এডচেন্স মুকলি কৰে ৷

২০০৬ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ ইস্তোনিয়াত ইউৰোপীয় সংবিধানক মঞ্জুৰী দিয়ে ৷

২০০৮ চনৰ আজিৰ দিনটোতে আমেৰিকাই পাকিস্তানক ৮.১ কোটি ডলাৰৰ সহায় কৰিবলৈ অস্বীকাৰ কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে নাসায়ে চন্দ্ৰত পানীৰ সম্ভেদ সম্পৰ্কে তথ্য লাভ কৰিবলৈ এখন যান পঠিয়াই ৷

২০১২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অ’বামাই সমলিংগ বিবাহক নিজৰ সমৰ্থন দিয়ে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৫৪০ চনৰ আজিৰ দিনটোতে উদয়পুৰ,মেৱাড়ৰ ৰাজবংশৰ ৰজা মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল ৷

স্বাধীনতা সংগ্ৰামী,সমাজসেৱী, বিচাৰক তথা সমাজ সুধাৰক গোপাল কৃষ্ণ গোখলেৰ জন্ম হৈছিল ১৮৬৬ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰবাদী নেতা ভৱানী দয়াল সন্যাসীৰ মৃত্যু হয় ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে মাউন্ট এভাৰেষ্ট হিমালয়ত উপস্থিত হোৱা প্ৰথম ব্যক্তি তেনজিং নৰ্গেৰ মৃত্যু হয় ৷

১৯৯৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গজল গায়ক আৰু অভিনেতা তলত মহম্মদৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com