আশ্বৰ্য্যজনক ঘটনা: অসমৰ চিমেণ্ট বেংগলত কম দামত বিক্ৰী

আশ্বৰ্য্যজনক ঘটনা: অসমৰ চিমেণ্ট বেংগলত কম দামত বিক্ৰী

আমাৰ বহুত মানুহে নিজৰ গাড়ীৰ বাবে পেট্ৰল ডিজেল কিনিবলৈ মেঘালয়লৈ যায়, কাৰণ অসমৰ তুলনাত মেঘালয়ত পেট্ৰ'ল ডিজেলৰ দাম কম। এইটো হ'বলৈ পাইছে কাৰণ পেট্ৰ'ল ডিজেলত জিএচটি দিব নালাগে আৰু সেয়েহে এই বস্তুবোৰ "এক দেশ, এক কৰ" নিয়মৰ ভিতৰত নপৰে। কিন্তু চিমেণ্টৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। তেন্তে চিমেণ্টৰ ক্ষেত্ৰতনো কি হয়?

কেতিয়াবা ভাবি চাইছেনে অসমত এক বেগ চিমেণ্ট কিনিবলৈ কিয় ৪০০ টকা দিবলগীয়া হৈছে আৰু একেসময়তে কোলকাতা মানুহে এক বেগ চিমেণ্টত ২৮০ টকা হে দিবলগীয়া হয়? গোটেই দেশত চিমেণ্টৰ ওপৰত আন্ত:ৰাজ্যিক বাণিজ্যৰ ওপৰত আৰু ৰাজ্যৰ ভিতৰৰ বাণিজ্যৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যৰ জিএচটি মিলি ২৮ শতাংশ জিএচটি লাগে। গুৰুত্বপূৰ্ণভাৱে, উত্তৰ পূৱ বিশেষকৈ অসম আৰু মেঘালয়ত যথেষ্ট পৰিমাণৰ চিমেণ্ট উৎপাদন হয় আৰু উৎপাদক সকলে বহুধৰণৰ সা সুবিধা যেনে- কৰ ৰেহাই, কম মূল্যত মাটি, কম মূল্যত বিজুলী ইত্যাদি।

দ্য চেণ্টিনেলে এই বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াইছে। প্ৰথমতে, উত্তৰ পূৱৰ বজাৰ আৰু আন আন অঞ্চলৰ বজাৰৰ মাজত দামৰ বৃহৎ পাৰ্থক্যৰ প্ৰধান কাৰণ হৈছে চিমেণ্ট উৎপাদকসকলৰ মাজৰ বাণিজ্যিক বুজাবুজি। এই বুজাবুজি সমগ্ৰ দেশৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়। এই বুজাবুজিৰ বিষয়ে উমান পাই কম্পিটিচন কমিচন অফ ইণ্ডিয়া(চিচিআই) এ ইণ্ডিয়া চিমেণ্ট, চেঞ্চুৰি চিমেণ্ট, জে কে চিমেণ্ট আদিকে ধৰি বহুকেইটা চিমেণ্ট কোম্পানীৰ ওপৰত প্ৰায় ৬০০০ কৌটি টকাৰ জৰিমণা বিহিছিল। চিচিআইৰ এই আদেশে দেশৰ আন ঠাইত গ্ৰাহকৰ হৈ কাম কৰিছে যদিও উত্তৰ পূৱত ইয়াৰ ফলত কোনো প্ৰভাৱ পৰা নাই। অসমত আৰু মেঘালয়ত উৎপাদিত চিমেণ্টৰ দামৰ ক্ষেত্ৰত উত্তৰ পূৱ আৰু দেশৰ আন অঞ্চলৰ মাজত বৃহৎ পাৰ্থক্য আছে। উৎপাদনকাৰীসকলৰ মাজত থকা বাণিজ্যিক বুজাবুজিৰ কাৰণে এই মূল্য পাৰ্থক্য সম্ভৱ হৈছে। দ্বিতীয়তে, ৰাজনৈতিক নেতা-আমোলা-উৎপাদনকাৰীৰ মাজত থকা বুজাবুজি হৈছে চিমেণ্টৰ অত্যাধিক দামৰ আন এটা বৃহৎ কাৰণ। অসমত এই দামৰ বঢ়া টুটা বিষয়টোৰ এক বিশেষ নিয়ম আছে- ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ সময়ত চিমেণ্টৰ দাম বহুত কমি যায় আৰু নিৰ্বাচনৰ পিছত দিশপুৰত চৰকাৰ গঠন হোৱাৰ পিছত যি দল বা যি মতাদৰ্শৰে চৰকাৰ গঠন নহওক লাগিলে, চিমেণ্টৰ দাম পুনৰ বাঢ়ি যায়।

২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত সকলোবোৰ চিমণ্টৰ দাম ৪০ টকাকৈ বৃদ্ধি হৈছিল কিন্তু সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত অৱশেষত এই মূল্যবৃদ্ধি ২০ টকাত সীমিত হয়। শাসকপক্ষৰ সমৰ্থন অবিহনে এনেদৰে গ্ৰাহকক লুটি থকাৰ সাহস চিমেণ্ট উৎপাদনকাৰীসকলৰ নাই বুলি মন্তব্য কৰে গ্ৰাহক সুৰক্ষাকৰ্মীসকলে । নহ'লে বিজেপি চৰকাৰ অহাৰ পিছত ইমান দাম বৃদ্ধি হোৱাৰ কি বেলেগ কাৰণ থাকিব পাৰে? মেঘালয়ৰ গ্ৰাহকসকলৰ অৱস্থা অসমতকৈ আৰু বেয়া বুলি ক'ব পাৰি। ২০১৭ চনত শ্বিলঙত চিমেণ্টৰ দাম ৩৫ শতাংশ বাঢ়ি ২৮০ টকাৰ পৰা ৪০০ টকা হৈছিল। উৎপাদনকাৰীসকলে কেঁচাসামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত চিমেণ্টৰ মূল্য বৃদ্ধি হোৱা বুলি এই বিষয়ত দিয়া অজুহাত মিছা প্ৰতিপন্ন হয় কাৰণ সেইসময়ত কেঁচাসামগ্ৰীৰ মূল্য প্ৰতি মেট্ৰিক টনত ৫০০০-৬০০০ টকাৰ পৰা ২৫০০-৩০০০ টকালৈ প্ৰায় ৫০ শতাংশ হ্ৰাস পাইছিল। উৎপাদনকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ ঔদ্যোগীকৰণ বঢ়াবলৈ বনোৱা নীতি অনুসৰি সহজে আৰু প্ৰচুৰ পৰিমাণে কেঁচাসামগ্ৰী পায় কাৰণে মেঘালয়লৈ যায়। উত্তৰ পূৱৰ বাবে থকা বিশেষ ঔদ্যোগীক নীতি অনুসৰি কেঁচাসামগ্ৰী ব্যৱহাৰ কৰাৰ পিছতো উত্তৰ পূৱৰ ৰাইজ উৎপাদনকাৰীৰ দ্বাৰা হাাৰাশাস্তি পাবলগীয়া হোৱা সময়ত শাসকগোষ্ঠী আৰু আমোলাসকলে কিয় চকু মুদা কুলিৰ ভাও জুৰি আছে সেয়া সকলোৰে জ্ঞাত।অসম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰচ এচ'ছিয়েচনে চিচিআইৰ লগ লাগি ষ্টাৰ চিমেণ্ট আৰু টপচেম চিমেণ্টৰ অপ্ৰাসংগিকভাৱে মূল্য বঢ়োৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। চিচিআইয়ে পিছত এই বিষয়ে অনুসন্ধান চলাবলৈ এজন বিষয়া নিয়োগ কৰে আৰু প্ৰাথমিক অনুসন্ধানৰ পিছত চিচিআই এ তিনিটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ৰিয়েল ইষ্টেট আৰু কনষ্ট্ৰাকচন ঔদ্যোগবোৰৰ বাবে চিমেণ্ট হৈছে প্ৰাথমিক বস্তু, আৰু অসমৰ এই কোম্পানীবোৰে জনোৱা মতে চিমেণ্টৰ মূল্য নকমিলে প্ৰধানমন্ত্ৰীৰ সকলোৰে কাৰণে ঘৰ বনোৱা আচঁনিৰ লগতে আন সকলো নিৰ্মাণ কাৰ্য্য স্থৱিৰ হৈ পৰিব। তেওঁলোকে আৰু কয় যে কোনো শক্তিশালী ব্যক্তিৰ হাত নথকাকৈ উৎপাদনকাৰীসকলে এনেদৰে মূল্যবৃদ্ধি কৰিব নোৱাৰে।কিন্তু এই কোম্পানীবোৰ তেওঁলোকৰ শক্তিশালী বন্ধুৰ সহায়ত পুনৰ ঘূৰি আহে। ঘৰ এটা বনোৱাটো সকলো মধ্যবিত্তীয় পৰিয়ালৰে সপোন, ইয়াৰ কাৰণে গৃহ ঋণ পাবলৈ তেওঁলোকে কিমান কষ্ট সহিবলগীয়া হয় সেয়া সকলোৰে জনাজাত। কিন্তু চিমেণ্টৰ দাম বৃদ্ধিৰ এই গতানুগতিকতাই ভাৰতৰ বিশেষকৈ অসমৰ বহুতো মধ্যবিত্তীয় পৰিয়ালৰে সপোন ভাঙি চূৰমাৰ কৰি দিয়াৰ উপক্ৰম। কিন্তু আমাৰ শাসকসকলে জানো এই কথা শুনিছে?

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com