ইতিহাস ৰচিলে ভাৰতৰ পি ভি সিন্ধুৱে

ইতিহাস ৰচিলে ভাৰতৰ পি ভি সিন্ধুৱে

ভাৰতৰ তাৰকা মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ইতিহাস ৰচি জয় কৰিলে ৱ'ৰ্ল্ড ট্যুৰ খিতাপ। বেডমিণ্টন ব'ৰ্ল্ড ফেডাৰচনৰ ব'ৰ্ল্ড ট্যুৰ ফাইনেলত ভাৰতৰ তাৰকা মহিলা বেডমিণ্টন খেলুৱৈ গৰাকীয়ে ২০১৭ চনৰ চেম্পিয়ন জাপানৰ নজমি অকুৰাক ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ হস্তগত কৰে। পি ভি সিন্ধুৰ বাবে এইটো প্ৰথম ৱ'ৰ্ল্ড ট্যুৰ খিতাপ। ক্ৰমাগত ভাবে সাতখন প্ৰতিযোগিতাৰ ফাইনেলত পৰাস্ত হোৱা সিন্ধুৰ এইয়া প্ৰথমটো ৱ'ৰ্ল্ড ট্যুৰ খিতাপ। সিন্ধুৰ ব্যক্তিগত ভাবে এইয়া কেৰিয়াৰৰ চতুৰ্দশ খিতাপ আৰু ২০১৮ চনত প্ৰথম খিতাপ। ৱ'ৰ্ল্ড ট্যুৰ খিতাপ দখলৰ লগে লগে সিন্ধু এই খিতাপ দখল কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।ইয়াৰ আগতে চলিত বৰ্ষত সিন্ধুৱে কমন ৱেলছ গেমছ আৰু এচিয়ান গেমছৰ ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদক দখল কৰিছিল। খিতাপ দখল কৰি উৎফুল্লিত সিন্ধুৱে কয় যে এই জয়ৰ দ্বাৰা মোৰ ফাইনেলত পৰাস্ত হোৱাৰ ধাৰা ভংগ হল। বছৰটো খিতাপ জয়েৰে সামৰণি কৰিব পাৰি ভাল লাগিছে, আশাকৰো নতুন বছৰটো ভাল হব মোৰ বাবে-খেলৰ অন্তত সংবাদমেলত এইদৰে মন্তব্য প্ৰকাশ কৰে ভাৰতৰ নয়নৰ মনি তাৰকা খেলুৱৈ গৰাকীয়ে। ২০১৭ চনত ৱ'ৰ্ল্ড ট্যুৰত পি ভি সিন্ধু জাপানৰ আকানে য়ামাগুচিৰ হাতত পৰাস্ত হৈছিল। বৰ্তমানৰ বিশ্ব ৰেংকিঙৰ তৃতীয় স্থানৰ খেলুৱৈ পিভি সিন্ধুৱে ৰিঅ' অলিম্পিকত ৰূপৰ পদক দখল কৰিছিল। পিভি সিন্ধুৱে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেল ৰত্ন সন্মান লাভ কৰিছিল।পি ভি সিন্ধুৰ এই চমকপ্ৰদক বিজয়ে ভাৰতীয় ক্ৰীড়া প্ৰেমী সকলক উৎফুল্লিত কৰি তুলিছে। ভাৰতৰ বেডমিণ্টন চাঞ্চল্য চাইনা নেহৱালৰ পথেৰে গতি কৰি হাইদৰাবাদৰ বেডিমিণ্টন তাৰকা গৰাকীয়ে বিশ্ব মানচিত্ৰত ভাৰতৰ স্থান উচ্চ কৰিবলৈ সক্ষম হৈছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com