উচ্চতৰ মাধ্যমিক ফলাফল: আৰ ডি জুনিয়ৰ কলেজৰ ৩ গৰাকী পৰীক্ষাৰ্থী শীৰ্ষ ১০ টা স্থানত

উচ্চতৰ মাধ্যমিক ফলাফল: আৰ ডি জুনিয়ৰ কলেজৰ ৩ গৰাকী পৰীক্ষাৰ্থী শীৰ্ষ ১০ টা স্থানত

আজি ঘোষিত উচ্চতৰ মাধ্যমিক ফলাফলত ৰামেশ্বৰ ধানৱাৰ ( আৰ ডি) জুনিয়ৰ কলেজৰ পৰা কলা আৰু বানিজ্য শাখাৰ শীৰ্ষ ১০ টা স্থানৰ ৩ টা স্থানত উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছে ।

বানিজ্য শাখাত অংকুৰ বৰুৱায়ে ষষ্ঠ স্থানত উৰ্ত্তীৰ্ণ হৈছে । ৫০০ নম্বৰৰ ভিতৰত ৪৫৯ নম্বৰ লাভ কৰিছে অংকুৰ বৰুৱায়ে ।

মিথিলেচ পি ডি শৰ্মায়ে শীৰ্ষ নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে । মিথিলেচে মুঠ ৪৫৫ নম্বৰ লাভ কৰিছে ।

কলা শাখাৰ শ্ৰুতি সোনোৱালে পঞ্চম স্থানত উৰ্ত্তীৰ্ণ হৈছে । শ্ৰুতি সোনোৱালে ৪৭০ নম্বৰ লাভ কৰে ।

এইবাৰ উচ্চতৰ মাধ্যমিক চুৰান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,৪২,৮৪৩ । কলা শাখাত আছিল ১,৮৬,১৮৭ আৰু বিজ্ঞান শাখাত অবতীৰ্ণ হৈছিল ৩৭,৪৫৫ আৰু বানিজ্য শাখাত ১৮,৯১০ অবতীৰ্ণ হৈছিল ।

ছাত্ৰ ছাত্ৰী সকলে বৰ্তমান গুগল প্লে ষ্টৰৰ পৰা " UPOLOBDHA" এপ ডাউনলোড কৰি ফলাফল চাব পাৰিব ।

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com