উত্তৰ পূবৰ লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সদা প্ৰস্তুত আছু আৰু নেছো

উত্তৰ পূবৰ লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সদা প্ৰস্তুত আছু আৰু নেছো

সদৌ অসম ছাত্ৰ সন্থা আৰু নেছো অৰ্থাৎ উত্তৰ পূব ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে উত্তৰ পূবৰ সকলো স্বদেশী লোকৰ আবেগ আৰু ভাবনা ৰক্ষাৰ কাৰণে সকলো ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলৰ লগত একত্ৰিত হ'ব। সদৌ অ্সম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে মন্তব্য কৰে যে, আমি কোনো ৰাজনৈতিক দল নহয় । লগতে আমি কোনো ৰাজনৈতিক ভাৱ লৈ কোনো ৰাজনৈতিক দলক সমৰ্থন কৰো।কিন্তু আমি বিশেষ ৰুপত উত্তৰ পূবৰ লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰিম ।নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নোহোৱাৰ পিছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ।

লগতে আছুৰ সভাপতি নাথে কয় যে বিগত কিছুদিন পূৰ্বে আছু সভাপতি নাথে দক্ষিণ ভাৰত আৰু উত্তৰ ভাৰতৰ ৰাজনৈতিক দলৰ নেতা সকলৰ মতবিনিময় কৰিছে। আৰু তেওঁ লোকৰ পৰা ইতিবাচক সহাঁৰি লাভ কৰিছে ।বিগত কিছুদিনৰ পৰা সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সন্থাৰ নেতাসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ৰাজধানী দিল্লীত অবিৰত অভিযান অব্যাহত ৰাখিছে ।ইফালে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক উত্তৰ পূবৰ ছাত্ৰ সংগঠনটোৱে সাক্ষাৎ কৰাৰ উপৰি চিপিআই,চিপিম,জেডইউ,শিৱ সেনাৰ লগতে এনপিপি সহিতে অন্যান্য সকলক।

নেছোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে নেছোয়ে উত্তৰ পূবৰ লোকসকলক এই ক্ষণক নৈতিক বিজয় ৰুপে পালন কৰিছে। আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ জৰিয়তে এই বিধেয়কখনক বাতিল কৰিব ল‍াগিব ।ভাৰত চৰকাৰে আমাৰ এই দাবি মানি নলয় যদিও আমি উত্তৰ পূবৰ লোকসকলৰ স্বাৰ্থ আৰু অস্তিত্ব ৰক্ষাৰ কাৰণে নিৰবিচিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিম । লগতে আছুৰ উপদেষ্টা ভট্টাচাৰ্যই কয় যে যিহেতু নাগৰিকত্ব সংশোধনী বিধেয়খন বাতিল হ'লেই গতিকে চৰকাৰে আৰু তিনিটা বিষয়ক লৈ এটা সিদ্ধান্তত উপনীত হওক । ইয়াৰ কাৰণেও আমি লোকতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম ।

ইয়াৰ মাজতে নেছোৰ অধ্যক্ষ চেমুয়েল জিৰৱাই নাগৰিকত্বউত্তৰ পূবৰ লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰিব আছু আৰু নেছোৱে সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত একত্ৰিত হোৱা প্ৰত্যেকটো সংগঠনলৈ ধন্যবাদ জ্ঞাপন কৰে। লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত বিতৰ্কিত বিধেয়কখনৰ সন্দৰ্ভত লোৱা পদক্ষেপক ধন্যবাদ জনাই ।উল্লেখ্য যে উত্তৰ পূবৰ ৰাজ্যসমূহৰ অসম,মেঘালয়,মনিপুৰ,সকলো দল সংগঠনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷

লগতে বিধেয়কখনৰ সন্দৰ্ভত নতুন দিল্লীত ভোটৰ দ্বাৰা বাতিল কৰিবলৈ বৈঠক অনুস্থিত কৰিছিল উত্তৰ পূবৰ ছাত্ৰ সংগঠনে ৷লগতে সকলো ৰাষ্ট্ৰীয় দল তথা নেতা বিধেয়কখনৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান কৰিছিল ৷সম্প্ৰতি বিতৰ্কিত বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত স্বত্ত্বিৰ নিশ্বাস পেলাইছে সকলোৱে ৷বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি গৃহিত হয় তেন্তে বাংলাদেশ,আফগানিস্তান আৰু পাকিস্তানৰ লোকসকলে নাগৰিকত্ব লাভ কৰিব৷যাৰ কাৰনে পূৰ্বোত্তৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com