উত্তৰ প্ৰদেশৰ বিৰুদ্ধে বেটিঙ ব্যৰ্থতা অসমৰ

উত্তৰ প্ৰদেশৰ বিৰুদ্ধে বেটিঙ ব্যৰ্থতা অসমৰ

আজিৰে পৰা উত্তৰ প্ৰদেশৰ গ্ৰীণ পাৰ্ক ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰঞ্জী ট্ৰফীৰ এলীট গ্ৰুপ চিৰ ৯ নং ৰাউণ্ডৰ এখন খেলত উত্তৰ প্ৰদেশৰ বলিঙৰ বিৰুদ্ধে পুনৰ বেটিঙত ব্যৰ্থ হ'ল অসম ক্ৰিকেট দলটো। ঘৰুৱা দল উত্তৰ প্ৰদেশে টছত জয়ী হৈ প্ৰথমে অসমক বেটিঙ কৰাৰ বাবে আমন্ত্ৰণ জনাই।অসমে উত্তৰ প্ৰদেশৰ সুন্দৰ বলিঙ আক্ৰমণৰ বিৰুদ্ধে দুৰ্বল বেটিঙ প্ৰদৰ্শন কৰি আটাইকেইটা উইকেট হেৰুৱাই ১৭৫ ৰাণ সংগ্ৰহ কৰে।অসমৰ হৈ আজি ঋষভ দাস আৰু ৰাহুল হাজৰিকাই অপেনিং কৰাৰ বাবে ক্ৰিজলৈ আহে।দলীয় স্কোৰ ১০ ৰাণত ৰাহুল হাজৰিকাই কোনো ধৰণৰ ৰাণ সংগ্ৰহ নকৰাকৈ য়াছ ডায়ালৰ বলত আউট হৈ পেভিলিয়ণ মুখি হয়। ৰাহুল হাজৰিকাৰ বিদায়ৰ পিছতেই আনজন অপেনাৰ ঋষভ দাসো দলীয় স্কোৰ ১২ ৰাণত ব্যক্তিগত ১১ ৰাণ সংগ্ৰহ কৰি অংকিত ৰাজপুটৰ বলত উপেন্দ্ৰ যাদৱৰ হাতত কেচ দি আউট হয়।

দুই মিডিল অৰ্ডাৰ বেটছমেন কুনাল শইকীয়া আৰু গকুল শৰ্মাইয়ো চূড়ান্ত ব্যৰ্থ প্ৰদৰ্শন ডাঙি ধৰি ৪ ৰাণ আৰু ১ ৰাণ কৰি আউট হয়। দলীয় স্কোৰ ২৬ ৰাণতে ৪ টা উইকেট হেৰুৱাই বিপদত পৰে অসমে। স্বৰূপম পূৰুকায়স্থই এটা মুৰত সতৰ্কতাৰে খেলিবলৈ লয় যদিও দলৰ অধিনায়ক অমিত সিনহাই মাত্ৰ ১ ৰাণ কৰিয়ে আউট হয়। অমিত সিনহাৰ পিছত দলক বিপৰ্য্যয়ৰ পৰা উদ্ধাৰ কৰাৰ বাবে ক্ৰিজলৈ আহে পল্লৱ কুমাৰ দাস। পল্লৱ কুমাৰ দাসে স্বৰুপম পুৰুকায়স্থৰ লগত অৰ্ধশতকীয় যুটি বান্ধি দলীয় স্কোৰ ১০০ লৈ আগবঢ়াই নিলেও সৌৰভ কুমাৰে স্বৰুপমক বিদায় দি উত্তৰ প্ৰদেশক শক্তিশালী স্থিতিত উপনীত কৰে।

অসমৰ টেইল অৰ্ডাৰ বেটছমেন জিতুমনি কলিতা আৰু ৰঞ্জিত মালীয়ে নিম্নক্ৰমত ২৩ আৰু ১৫ ৰাণ সংগ্ৰহ কৰি অসমৰ দলীয় ৰাণ ১৫০ৰ সীমা অতিক্ৰম কৰাই। পল্লৱ কুমাৰ দাসে দলৰ হৈ প্ৰথম ইনিংছত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে ৭৫ ৰাণ কৰে। উত্তৰ প্ৰদেশৰ হৈ বলিঙত অংকিত ৰাজপুতে ২ টা, য়াচ ডায়ালে ৩ টা, ইমটিয়াজ আহমেডে ২ টা আৰু সৌৰভ কুমাৰে ৩ টা উইকেট দখল কৰে। অসমৰ প্ৰথম ইনিংছৰ ১৭৫ ৰাণৰ প্ৰত্যুত্তৰত উত্তৰ প্ৰদেশে নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি প্ৰথম দিনৰ খেলৰ সামৰণি পৰালৈ ১ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৬৪ ৰাণ। দিনান্তৰ খেল সামৰণি পৰালৈ উমাংগ শৰ্মাই ৩২ ৰাণ আৰু মহম্মদ শ্বইফে ১২ ৰাণত অপৰাজিত হৈ আছে। সমৰনাথ সিঙে ১৯ ৰাণ কৰি আউট হয়। অসমৰ হৈ ৰঞ্জিত মালীয়ে একমাত্ৰ উইকেটটো দখল কৰে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com