উপাৰ্জনৰ ক্ষেত্ৰত বলীউডৰ অভিনেতাকো চেৰ পেলাব এইসকল টলীউডৰ অভিনেতায়ে

উপাৰ্জনৰ ক্ষেত্ৰত বলীউডৰ অভিনেতাকো চেৰ পেলাব এইসকল  টলীউডৰ অভিনেতায়ে

দক্ষিণ ভাৰতৰ অথবা টলীউডৰ ছবিৰ ষ্টাৰসকলৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিছু কিছু ক্ষেত্ৰত বলীউডৰ অভিনেতা অভিনেত্ৰীতকৈ অধিক জনপ্ৰিয় এইসকল ছুপাৰষ্টাৰ ৷ যদি আমি বলীউড আৰু দক্ষিণ ভাৰতৰ ছবিৰ ষ্টাৰ সকলক মিলাওঁ তেওঁলোকৰ মাজত সাদৃশ্য চাওঁ তেন্তে দক্ষিণ ভাৰতৰ অভিনেতা সকলৰ অভিনয় আৰু অনুৰাগীয়ে বলীউডৰ অভিনেতা সকলকো পিছ পেলাব। কাৰণ বলীউডৰ দৰে দক্ষিন ভাৰতৰ ষ্টাৰসকল দৰ্শকৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে ৷ আজি আমি দক্ষিণ ভাৰতৰ পাঁচজন ছুপাৰষ্টাৰছৰ কথা আলোচনা কৰিম যিয়ে ছবিসমূহৰ কাৰণে কোটি কোটি টকা উপাৰ্জন কৰে ৷

ৰজনীকান্তঃ ৰজনীকান্ত দক্ষিন ভাৰতৰে নহয় সমগ্ৰ ভাৰতীয় ছবিৰে ছুপাৰষ্টাৰ ৷ কেৱল এয়াই নহয় ৷ ৰজনীকান্ত সমগ্ৰ এছিয়াৰ আটাইতকৈ বেছি টকা লোৱা অভিনেতা। ৰজনীকান্ত ভাৰতৰ দামী অৰ্থাৎ অত্যাধিক টকা লোৱা অভিনেতাৰ ভিতৰত তৃতীয় স্থানত আছে ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ৰজনীকান্তে কাবালী ছবিখনৰ কাৰণে ৪০ ৰ পৰা ৬০ কোটি টকাৰ লৈছিল ৷ ইফালে বিগত বৰ্ষত মুক্তি হোৱা ছবি ২.০ ছবিখনৰ কাৰণে ৰজনীকান্ত লয় ৮০ কোটি টকা।

কমল হাচানঃকমল হাচানে বলীউডৰ যথেষ্ট জনপ্ৰিয় ছবিত অভিনয় কৰিছিল৷ কিন্তু কমল হাচানে প্ৰসিদ্ধি লাভ কৰে টলীউডৰ ছবিৰ জৰিয়তে। কমল হাচানে এখন ছবিৰ কাৰণে লয় ২০ ৰ পৰা ৩০ কোটি টকা ৷

মহেশ বাবুঃ মহেশ বাবুৰ পৰিয়াল ছবিৰ লগত জৰিত যদিও অভিনেতা গৰাকীয়ে ছবিত নিজৰ স্থান নিজেই তৈয়াৰ কৰিছে ৷ সম্প্ৰতি মহেশ বাবুৰ স্থান টলীউডৰ প্ৰসিদ্ধ অভিনেতাসকলৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ৷ এক বিশেষ সূত্ৰৰ অনুসৰি মহেশ বাবুয়ে এখন ছবিৰ কাৰণে লয় প্ৰায় ২৫ কোটি টকা। শিশু অভিনেতা হিচাপে নিজৰ অভিনয় আৰম্ভ কৰা মহেশ বাবুয়ে ১৯৯৯ চনৰ পৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰে ছবিৰ নায়ক হিচাপে। মহেশ বাবুয়ে মিছ ইণ্ডিয়া আৰু বলীউডৰ অভিনেত্ৰী নম্ৰতা শিৰোডকৰৰ লগত বিবাহ পাশত আৱদ্ধ হয়। উপাৰ্জনৰ ক্ষেত্ৰত মহেশ বাবুয়ে টলীউডৰ লগতে বলীউডৰ অভিনেতা সকলকো অতিক্ৰম কৰে।

পৱন কল্যানঃ ২২ বছৰ বয়সতে টলীউডৰ ছবি জগতত খোজ পেলোৱা পৱন কল্যানৰ বহু ছুপাৰহিট ছবি আছে ৷ পৱন কল্যানৰ ষ্টাইল আৰু শক্তিশালী অভিনয়ে চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে ৷ ১৯৯৬ চনত পৱনৰ ছবি অক্কড় অ’ম্মাই লক্কড়ে মুক্তি লাভ কৰে ৷১৯৯৮ চনত পৱনৰ ছবি ঠোলী প্ৰেমান ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে ৷ পৱনক দক্ষিণ ভাৰতৰ অমিতাভ বচ্চন বুলি কোৱা হয় । ইফালে অভিনয়ৰ কেৰিয়াৰ ২২ বছৰ হ’ল যদিও ২৩ খন ছবিত অভিনয় কৰিছে পৱনে৷অন্যহাতে এখন ছবিৰ কাৰণে পৱনে লয় ১৮ কোটি টকা ৷ কিন্তু সম্প্ৰতি পৱন কল্যান ৰাজনীতিৰ জগতলৈ গ’ল যদিও অনুৰাগীৰ সংখ্যা হ্ৰাস হোৱা নাই ।

জুনিয়াৰ এনটিআৰঃ দক্ষিণ ভাৰতৰ অভিনয় আৰু ফাইটিঙৰ কাৰণে বিখ্যাত জুনিয়ৰ এনটিআৰক জানে সকলোৱে ৷১৯৮৩ চনৰ হাইদৰাবাদত জন্ম গ্ৰহণ কৰা জুনিয়ৰ এনটিআৰ সেই সময়ৰ জনপ্ৰিয় অভিনেতা আছিল। এনটিআৰ হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এনটী ৰামৰাওৰ নাতিন ৷এনটিআৰে নিজৰ শক্তিশালী অভিনয়ৰ কাৰণে আইফা,ফিল্ম ফেয়াৰ আদি বহু পুৰস্কাৰেৰে পুৰস্কৃত হয়। বলীউডৰ ভাইজান ছলমান খান নামেৰে জনাজাত জুনিয়ৰ এনটিআৰে ১৬-১৭ বছৰৰ অভিনয়ৰ কেৰিয়াৰত বহুত ছুপাৰহিট ছবি টলীউডক উপহাৰ দিছে ৷ এনটিআৰে এখন ছবিৰ কাৰণে লয় প্ৰায় ১৮-২০ কোটি টকা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com