এখন আলোচনীয়ে বিপদত পেলাইছে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছকঃ কিন্তু কিয় ?

এখন আলোচনীয়ে বিপদত পেলাইছে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছকঃ কিন্তু কিয় ?

বলীউডৰ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদৰ খবৰে মাৰ্চৰ শেষত যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ এখন আমেৰিকাৰ আলোচনীয়ে দাবী কৰিছিল যে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদ হ’ব ৷ ইয়াৰ পিছতেই নিক আৰু প্ৰিয়াংকা চোপ্ৰাই সেই আলোচনীখনৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ মন মেলিছে ৷

ইফালে এক বিশেষ সূত্ৰৰ খবৰ প্ৰিয়াংকা আৰু নিক জ’নাছে প্ৰথমতে এই বিষয়ে লীগেল টীমৰ লগত মতবিনিময় কৰিব ৷ আৰু তাৰ পিছত সেই আলোচনীখনক এই সমগ্ৰ খবৰটো খণ্ডন কৰিবলৈ ক’ব। যদি এই কথা মানি নলয় তেন্তে জ’নাছ দম্পত্তিয়ে বৃহৎ ৰাশিত মানহানি গোচৰ দাখিল কৰিব ৷আন এক তথ্য অনুসৰি, বিবাহ বিচ্ছেদৰ খবৰ আহিছিল এনেদৰে যে নিক জ’নাছে প্ৰিয়াংকা চোপ্ৰাৰ কথা মতে বিবাহ পাশত আৱদ্ধ হৈছে যদিও এতিয়াহে তাৰ পৰিণাম ভূগিছে ৷অৱশ্যে অনুৰাগীক এপ্ৰিল ফুল কৰা বুলিও গুজৱ ওলাইছে বি টাউনত।

গতিকে নিকৰ পৰিয়ালে দুয়ো গৰাকীৰে বিবাহ বিচ্ছেদ হোৱাটো বিছাৰিছে ৷ইফালে এই সমগ্ৰ খবৰ প্ৰকাশ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ’নাছ দম্পত্তিয়ে ৷ কিছু সংখ্যকৰ মতে এয়া খবৰ সম্পূৰ্ণ মিছা ৷কাৰণ প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ সম্পূৰ্ণ সুখী ৷ কাৰণ প্ৰিয়াংকি আৰু নিক জ’নাছৰ পৰিয়াল সদ্যহতে আহিছে মিয়ামীৰ পৰা ৷

পৰিয়াল পৰিজনৰ লগত মিয়ামীত কটোৱা প্ৰত্যেকটি মুহুৰ্ত্তৰ খবৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰিছিল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ অনুৰাগীয়ে ৷ আজি কিছুদিনৰ আগতে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ পৰিয়ালে একেলগে চ’কাৰ ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছিল ৷হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ (Priyanka Chopra) নাম মনোৰঞ্জন জগতৰ ৫০ গৰাকী প্ৰতিভাৱান মহিলাৰ শাৰীত সন্নিবিষ্ট হোৱাৰ পিছত অভিনেত্ৰী গৰাকী পৰিয়ালৰ সৈতে সম্প্ৰতি ব্যস্ত আছিল মিয়ামী ভ্ৰমণত ৷

প্ৰিয়াংকা চোপ্ৰাৰ স্বামী নিক জ’নাছৰ লগতে পৰিয়ালৰ বাকী সদস্য সকলৰ সৈতে কৰা মিয়ামী ভ্ৰমণৰ ফ’টো ভিডিঅ’ ইতিমধ্যে প্ৰিয়াংকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ৷ ভিডিঅ’ সমূহত প্ৰিয়াংকা চোপ্ৰাক নিক জ’নাছৰ পৰিয়ালৰ লগত বহুত আনন্দ কৰা দেখিবলৈ পোৱা গৈছে । অন্যহাতে প্ৰিযাংকা আৰু নিকৰ লগত জ’ জ’নাছ আৰু গাৰ্লফেণ্ড ছ’ফী টৰ্নৰকো দেখিবলৈ পোৱা গৈছে ৷

অন্যহাতে ৫০ গৰাকী প্ৰতিভাৱান মহিলাৰ শাৰীত সন্নিবিষ্ট হোৱাৰ পিছতে প্ৰিয়াংকা চোপ্ৰাই কয় যে মই বহুত সুখী ৷ এনে ধৰণৰ প্ৰাপ্তিয়ে কাম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে ৷ মই বহুত গৰ্ব অনুভৱ কৰিছোঁ ৷ কাৰণ মই সেই সকল মহিলাৰ শাৰীত স্থান পাবলৈ সক্ষম হৈছো ৷ যিসকলে গভীৰ প্ৰত্যাহ্বানক হেলাঙৰে অতিক্ৰম কৰি নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইয়াৰ পূৰ্বতে প্ৰিয়াংকা চোপ্ৰাই ২০১৮ বৰ্ষত ফৰ্বছত ম’ষ্ট পাৱৰফুল মহিলাৰ সূচীত নিজৰ নাম প্ৰতিষ্ঠা কৰিছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com