এগজিট প'ল : সমীক্ষাৰ মতে ৰাজ্যত বিজেপিৰ পক্ষত সৰ্বাধিক আসন

এগজিট প'ল : সমীক্ষাৰ মতে ৰাজ্যত বিজেপিৰ পক্ষত সৰ্বাধিক আসন

দেওবাৰে প্ৰকাশ কৰা এগজিট প'লত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে । লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ৩ দিনৰ পূৰ্বে এই সমীক্ষা প্ৰকাশ কৰিছে ।

সংবাদ মাধ্যমৰ লগতে আন সংস্থা সমূহে এগজিট প্ৰকাশ কৰিছে দেওবাৰে । এগজিট প'লত বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।

এন ডি টি ভিয়ে ৰাজ্যত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ লগতে কংগ্ৰেছে ৪ খন আৰু অন্যান্যয়ে ১ খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ কৰিছে ।

টুদে চানক্যয়ে প্ৰকাশ কৰা সমীক্ষাত বিজেপিয়ে ১০ খন , কংগ্ৰেছে ৩ খন আৰু অন্যান্যয়ে ১ খন লাভ কৰিব ।

ৰিপ্লাবিক চি ভোটাৰে প্ৰকাশ কৰা সমীক্ষাত বিজেপিয়ে ৮ খন , কংগ্ৰেছে ৫ খন আৰু অন্যান্যয়ে ১ খন লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।

এক্সিজ মাই ইণ্ডিয়ায়ে প্ৰকাশ কৰা সমীক্ষাত বিজেপিয়ে ১২ ৰ পৰা ১৪ খন আৰু কংগ্ৰেছে ০ ৰ পৰা ২ খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।

টাইমছ নাও ভি এম আৰে প্ৰকাশ কৰা সমীক্ষাত বিজেপিয়ে লাভ কৰিব ৬ খন, কংগ্ৰেছে লাভ কৰিব ৭ খন আৰু অন্যান্যয়ে লাভ কৰিব ১ খন আসন।

নিউজ এক্স- এন ই টি এয়ে প্ৰকাশ কৰা সমীক্ষা মতে বিজেপিৰে লাভ কৰিব ৮ খন , কংগ্ৰেছে লাভ কৰিব ৫ খন আৰু

এ আই ইউ ডি এফে লাভ কৰিব ১ খন আসন।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com