এগৰাকী মহিলায়ে একেলগে পালন কৰে মাক আৰু আৰক্ষীৰ সেৱা

এগৰাকী মহিলায়ে একেলগে পালন কৰে মাক আৰু আৰক্ষীৰ সেৱা

আৰক্ষী বুলি ক'লে সদায় খাকী পোছাকযোৰৰ সৈতে পৰিধান কৰা এগৰাকী সুস্থৱান আৰক্ষীৰ কথাই মনলৈ আহে নহয়তো 'দবাং' ছবি খনৰ চকমানৰ কথা মনলৈ আহে ,যিগৰাকী অলপ খঙাল আৰু অলপ মৰমিয়াল হ'ব । আৰক্ষীয়ে সদায় জনহিতাৰ্থে কাম কৰি আহিছে । কিন্তু আৰক্ষী বিভাগৰ প্ৰায় ১০০ শতাংশৰ মাজত ৮০ শতাংশই বেয়া পোৱা যায় । আৰক্ষীৰ মাজত ভ্ৰষ্টাচাৰীৰ মহামাৰীৰ এই ৰোগটো চাৰিওদিশে বিয়পি আছে বুলি ক'লেও ভূল নহয় । একাংশ আৰক্ষীয়ে য'ত দুখীয়া সকলক সহায়,প্ৰয়োজনীয় সকলক ৰক্ষা কৰিব লাগে তাতে তেওঁলোকে ৰাক্ষস হৈ পৰে । কিন্তু এনেকুৱাও নহয় যে সকলোবোৰ আৰক্ষীয়ে একে প্ৰকৃতিৰ । ৰ'দ হওঁক ,বৰষুন হওঁক,যিকোনো পৰিস্থিতিত যিকোনো ঘটনাই নহঁওক কিয় আৰক্ষীৰ উপস্থিতি সদায়ে প্ৰথমে দেখা পোৱাও যায় । এনে কিছুমান আৰক্ষীও আছে যিসকলৰ দয়া-মমতাৰ সৰু সৰু কাহিনী সমূহ সকলোৰে সন্মুখলৈ আহি পৰে । আজি আমাৰ কাহিনীভাগ হৈছে এগৰাকী মহিলা আৰক্ষীৰ কাহিনী,যিগৰাকীয়ে কেৱল নিজৰ কৰ্মক্ষেত্ৰৰ কৰ্তব্য পালন কৰাই নহয় তাৰ লগতে সুন্দৰকৈ পালন কৰিছে এগৰাকী মাতৃৰ কৰ্তব্য । আজিৰ এইগৰাকী মহিলা আৰক্ষীৰ বিষয়ে চ'চিয়েল মিডিয়াত আৱৰি ধৰিছে ।

এইগৰাকী মহিলা আৰক্ষীৰ নাম হৈছে কনিষ্টবল অৰ্চনা সিং ।অৰ্চনা সিং উত্তৰ প্ৰদেশৰ ঝাঞ্ছীৰ মহিলা কনিষ্টবল পদত অধীস্থিত হৈ আছে । আজিৰ পৰা ছয়মাহ পূৰ্বে অৰ্চনাৰ এগৰাকী কন্যা সন্তান জন্ম পাইছে । কনিষ্টবল অৰ্চনা দুগৰাকী সন্তানৰ মাতৃ । তেওঁৰ ডাঙৰ জনী কন্যা ১০বছৰীয়া যাৰ নাম হৈছে কনক আৰু ৬ মহীয়া সৰু জনীৰ নাম অনিকা । আনুষ্ঠানিক শিক্ষাৰ স্নাতকতোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত ২০১৬চনত অৰ্চনা উত্তৰ প্ৰদেশৰ আৰক্ষী সেৱাত ভৰ্ত্তি হয় । অৰ্চনা এগৰাকী আৰক্ষী হোৱাৰ লগতে এগৰাকী মাতৃও হয় ,আৰু আমি সকলোৱে জানো মাতৃৰ সমান কোনো নাই,মাক সদায় মাক । প্ৰতিগৰাকী মাকৰ বাবে নিজৰ সন্তানটো অতি মৰমৰ হয় । এগৰাকী আৰক্ষীৰ কৰ্তব্য সমূহ পালন কৰাৰ লগতে এগৰাকী মাতৃৰ দায়িত্ব চম্ভালি লোৱাটো অতি ডাঙৰ কথা আৰু এই সময়ত কিমান কষ্ট হয় সেই সন্দৰ্ভত আমি কল্পনা কৰিব নোৱাৰো । কিন্তু অৰ্চনাই সমাজৰ হিতাৰ্থে আগবঢ়োৱা সেৱা আৰু মাতৃৰ দায়িত্ব এই দুয়োটা দায়িত্বই অতি সুন্দৰ ভাৱে পালন কৰি আহিছে । অৰ্চনাই নিজৰ কৰ্মৰ সময়ত নিজৰ ৬ মহীয়া কন্যা সন্তানক লগত থানাত লৈ যায় যাতে তেওঁৰ কামৰ লগতে নিজ সন্তানকো ধ্যান দিব পাৰে ।

অৰ্চনাই কামৰ সময়ত নিজৰ ছোৱালীক ডেক্স এখন শুৱাই লৈ কাম কৰি থকা ফটো এখন চ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ।চ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো খন মানুহে অতি ভাল পাইছে আৰু সকলোতে ভাইৰেল হৈ পৰিছে । এই ক্ষেত্ৰত মানুহে অৰ্চনাক বহুত প্ৰশংসা কৰে । অৰ্চনা ঝাঞ্ছীৰ আৰক্ষী থানাত নিযুক্তি হৈ আছে । অৰ্চনাৰ স্বামী বাহিৰত এক বেচৰকাৰী কাম কৰে । অৰ্চনাই ৰাতিপুৱা ঘৰৰ পৰা নিজ ৬ মহীয়া সন্তানক লগত লৈ ওলাই আহে আৰু নিজৰ কৰ্ম সম্পাদন কৰে ।

অৰ্চনাই মত প্ৰকাশ কৰি কয় যে;"এইক্ষেত্ৰত তেওঁৰ বহুখিনি কষ্ট হয় ।ৰাতিপুৱাই পুৱাই তেওঁ ঘৰৰ কামো কৰিব লগা হয় । তেওঁৰ দুজনী ছোৱালী আছে ডাঙৰ জনীক তেওঁৰ শাহু-শহুৰে ধ্যান দিয়ে ।যিহেতু সৰু জনীৰ বয়স ৬মাহ সেয়ে এই সময়ত এটি শিশুক মাকৰ প্ৰয়োজন হয় । সেয়ে সৰু ছোৱালী জনী তেওঁৰ লগত থাকে" ।

এই ফটো খন উত্তৰ প্ৰদেশৰ জ্যেষ্ঠ আৰক্ষী অধিকাৰী ৰাহুল শ্ৰীবাস্তৱে টুইটাৰ যোগেদি প্ৰকাশ কৰিছিল । অৰ্চনাৰ এই কামক সন্মান কৰি জ্যেষ্ঠ আৰক্ষী সকলে অৰ্চনাক ১০০০টকা প্ৰদান কৰাৰ কথা ঘোষনা কৰে । এই খবৰ সংবাদ মাধ্যমৰ ওচৰ গৈ পোৱাত সংবাদ মাধ্যমে এই খবৰটো সংবাদ পত্ৰ তথা বাতৰি কাকত,সংবাদ মাধ্যমত প্ৰকাশ কৰে । সংবাদ মাধ্যক মত প্ৰকাশ কৰি অৰ্চনাই কয় যে তেওঁ বদলিকৰন কৰি আগ্ৰালৈ যাব বিচাৰে । য'ত তেওঁৰ ঘৰ আছে আৰু তাত তেওঁ পৰিয়াল সৈতে একেলগে থকাৰ লগতে ছোৱালী দুজনীক ধ্যান দিয়াৰ লগতে নিজৰ কৰ্তব্যও সম্পাদন কৰিব পাৰিব ।

https://twitter.com/dgpup/status/1056399020761985025

উত্তৰ প্ৰদেশৰ ডিজিপিৰ ওচৰলৈ এই কথা গৈ পোৱাত তেওঁ অৰ্চনাক বদলিকৰনৰ সূচনা দিয়াৰ লগতে টুইট কৰে । ডিজিপি অপি সিঙে টুইট কৰি লিখে যে;"২১শতিকাৰ মহিলা,যিয়ে যিকোনো ধৰনৰ দায়িত্ব আৰু প্ৰত্যাহ্বানৰ বাবে সদায় সাজু থাকে । পুৱা সময়ত অৰ্চনাৰ সৈতে কথা পাতোতে তেওঁক আগ্ৰাৰ ঘৰৰ ওচৰত থকা থানালৈ বদলিকৰন কৰাৰ কথা প্ৰকাশ কৰে " । চ'চিয়েল মিডিয়াত অৰ্চনাক "মদাৰ কপ"ৰ উপাধিৰে সন্মান প্ৰদান কৰি আছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com