এন এইচ এ আই আৰু এন এফ ৰেলৱে বিষয়াৰ ওপৰত গোৱেলৰ কঠোৰ স্থিতি

এন এইচ এ আই আৰু এন এফ ৰেলৱে বিষয়াৰ ওপৰত গোৱেলৰ কঠোৰ স্থিতি

কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যক্ৰম প্ৰণয়নৰ ৰাজ্যিক মন্ত্ৰী বিজয় গোৱেলে এন এইচ এ আই আৰু এন এফ ৰেলৱে বিষয়াৰ ওপৰত কেন্দ্ৰৰ দ্বাৰা আবণ্টিত আন্ত: গাঠনিৰ কাম সম্পূৰ্ণ নোহোৱা কাৰণে কঠোৰ স্থিতি গ্ৰহন কৰে। কেন্দ্ৰীয় পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, আৰু ৰেলৱে আন্ত: গাঠনিৰ কামসমূহ মঙলবাৰে নেডফি হাউচত পৰ্যবেক্ষণ কৰি প্ৰশ্ন কৰে যে এন এইচ এ আই আৰু এন এফ ৰেলৱে বিষয়াসকলে সময়ত আন্ত: গাঠনিৰ কামসমূহ সম্পন্ন কৰাত ব্যৰ্থ হোৱাৰ ক্ষেত্ৰত আৰু কিমান গইনা দিব? মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূৱত কেন্দ্ৰীয় কাৰ্যক্ৰমসমূহ সময়মতে সম্পন্ন হোৱাটো অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে অতি জৰুৰী।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com