এশ শতাংশ প্ৰাৰ্থীয়েই নিৰ্বাচনত জয়ী হব : বিধায়ক পদ্ম হাজৰিকা

এশ শতাংশ প্ৰাৰ্থীয়েই নিৰ্বাচনত জয়ী হব : বিধায়ক পদ্ম হাজৰিকা

চতিয়া বিধান সভা সমষ্টিত আজি বিজেপি দলৰ নদুৱাৰ মণ্ডল কমিটিয়ে আগুন্তুক পঞ্চায়ত নিৰ্ব্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ সমষ্টিটোৰ অন্তৰ্গত জামুগুৰিহাট স্হিত মাৰ্কেটিং চচাইটি লিমিটেডৰ কাৰ্য্যালয়ত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আনুস্থানিকভাবে নদুৱাৰ মণ্ডলৰ অন্তৰ্গত দহখন কৈ গাঁওপঞ্চায়তৰ লগতে দুখন জিলা পৰিষদৰ বাবে মনোনিত প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে ৷ সেই অনুসৰি বৰভগীয়া জিলা পৰিষদৰ প্ৰাৰ্থী হিচাবে পলী চুতিয়া বৰা, মূঢ়াদল জিলা পৰিষদৰ প্ৰাৰ্থী হিচাবে কিশোৰ দাহাল উত্তৰ মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি পদত দিপক নেৱাৰ আৰু আঞ্চলিক সদস্য পদত কুমলিনা লাঙো, দক্ষিন মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি পদত দিলিপ সেনাপতি আৰু আঞ্চলিক সদস্য পদত ৰূপালী বৰা, পূৱ মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি পদত মেঘালী কলিতা, পশ্চিম মূঢ়াদল গাঁওপঞ্চায়তৰ সভাপতি পদত হেমা দেৱী আৰু আঞ্চলিক সদস্য পদত অজিত পায়েংক প্ৰাৰ্থী হিচাবে ঘোষনা কৰাৰ লগতে উত্তৰ ছিলাবন্ধা গাঁওপঞ্চায়তৰ সভাপতি পদত জয়ন্ত বৰা আৰ আঞ্চলিক সদস্য পদত প্ৰনামিকা বৰা, উত্তৰ বৰভগীয়া গাঁওপঞ্চায়তৰ সভাপতি পদত ভাষ্কৰ শইকীয়া আৰু আঞ্চলিক সদস্য পদত ভাৰতি দেৱী, পূৱ বৰভগীয়া গাঁওপঞ্চায়তৰ সভাপতি পদত নিত্যানন্দ দাস আৰু আঞ্চলিক সদস্য পদত ৰূপা দেৱী শৰ্মা, পশ্চিম বৰভগীয়া গাঁওপঞ্চায়তৰ সভাপতি পদত ৰূপানীতা দাস আৰু আঞ্চলিক সদস্য পদত মদন কৈৰালা, দক্ষিন ছিলাবন্ধা গাঁওপঞ্চায়তৰ সভাপতি পদত গংগা দেৱী আৰু আঞ্চলিক সদস্য পদত নিৰ্মালি দাস, মধ্য ছিলাবন্ধা গাঁওপঞ্চায়তৰ সভাপতি পদত জলী ভঢ়ালী আৰু আঞ্চলিক সদস্য পদত দিনেশ দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷ আনহাত সমষ্টিটোৰ অন্তৰ্গত নাগশংকৰ জিলা পৰিষদ হিতেশ্বৰ বৰুৱাক প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ লগতে চাৰিদুৱাৰ জিলাপৰিষদৰ প্ৰাৰ্থী হিচবে কৃষ্ণ কোঁচৰ নাম ঘোষণা কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ১৯০ টা কৈ গাঁওসভাৰ প্ৰাৰ্থী সকলৰো নাম আজি আনুস্হানিক ভাবেই ঘোষণা কৰে ৷ চতিয়া সমষ্টিৰ প্ৰতিটো গাঁও পঞ্চায়ত আৰু গাঁও সভা এলেকাত উপযুক্ত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে বুলি মন্তব্য কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে আগুন্তুক পঞ্চায়ত নিৰ্ব্বাচনত বিজেপি দলৰ তৰফৰ পৰা প্ৰক্ষেপিত এশ শতাংশ প্ৰাৰ্থীয়েই জয়ী হব আৰু বিজেপি দলৰ পঞ্চায়ত গঠন হব চতিয়া সমষ্টিত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com